NORTHEAST NOW (Assamese)
অসম

ক’ৰোনাভাইৰাছ: কিদৰে চাফা কৰিব আপোনাৰ ফোন, লেপটপ, মাউছ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 6:21 pm
ক'ৰ'না

ক’ৰনাভাইৰাছক লৈ বিশ্বজুৰি আতংক সৃষ্টি হৈছে। আন বস্তুৰ লগতে আধুনিক জীৱনত নহ’লেই নচলা ফোন, লেপটপ আৰু কম্পিউটাৰতো ক’ৰনাভাইৰাছ লাগি থাকিব পাৰে।

তলত আগবঢ়োৱা হৈছে স্মাৰ্টফোন বা কীব’ৰ্ড, লেপটপ আৰু মাউছ আদি বীজাণুমুক্ত কৰি ৰখাৰ কিছুমান পদ্ধতি।

 

স্মাৰ্টফোন কিদৰে চাফা কৰিব?

১. চাফা কৰাৰ আগতে ফোনটো ছুইটড অফ কৰি ল’ব। ফোনটোৰ কেচটো আঁতৰাই ল’ব।

২. মাইক্ৰ’ফাইবাৰ ক্লথ বা আন কোমল কাপোৰ এটুকুৰাৰে ফোনটো চাফা কৰিব।

৩. চাফা কৰাৰ বাবে আপুনি কাপোৰ টুকুৰা কুহুমীয়া চাবোনপানীত ডুবাই ল’বও পাৰে।

৪. বেছি পানী ব্যৱহাৰ নকৰিব, কাৰণ ই আপোনাৰ ফোনটো বেয়া কৰিব পাৰে। চাফা কৰোতে ফোনৰ প’ৰ্ট বা বুটামবোৰত পানী সোমাবলৈ নিদিব।

৫. আন এখন শুকান কাপোৰেৰে ফোনটো মচি পেলাওক।

 

কীব’ৰ্ড বা লেপটপ পৰিষ্কাৰ

১. কম্পিউটাৰটো ছুইটদ অফ কৰি আৰু সকলো কানেক্সন গুচাই ল’ব।

২. লেপটপৰ ক্ষেত্ৰত পাৰিলে বেটাৰিটো গুচাই ল’ব।

৩. পিছফালে লাহেকৈ থপৰিয়াই দিব যাতে ধূলিবোৰ আঁতৰি যায়।

৪. নিৰ্বীজাণুকৃত ৱাইপেৰে কীবোৰ মচক।

৫. কীবোৰৰ মাজৰ ধূলিবোৰ বতাহ দি আঁতৰোৱাৰ চেষ্টা কৰক।

 

মাউছ বা লেপটপৰ টাচপেড

১. চাফা কৰাৰ পূৰ্বে মাউছৰ বেটাৰি খুলিব ল’ব।

২. মাউছটো ওলোটা কৰি তাৰ চকাটো ঘূৰাই দিলেও ধূলি আঁতৰ হয়।

৩. নিৰ্বীজাণুকৃত ৱাইপেৰে মাউছ বা টাচপেডটো চাফা কৰক।