NORTHEAST NOW (Assamese)
Popular Stories

মোদী মন্ত্ৰীসভাত থাকিব দুই অসমীয়া প্ৰতিনিধি; সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক দায়িত্ব

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া June 9, 2024 2:53 pm

 

  • ‌আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপ শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে৷
  • ‌ইতিমধ্যে মোদী মন্ত্ৰীসভাত স্থান নিশ্চিত কৰিছে দুই অসমীয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই৷
  • ‌মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰাৰ বিপৰীতে সোণোৱালে লাভ কৰিব কেবিনেট মন্ত্ৰীৰ মৰ্যাদা৷
  • ‌বহুজনে দুজনকৈ উজনি অসমৰ দ্বিগ্বজ নেতাক মন্ত্ৰীত্ব দিয়াক লৈ চৰ্চা আৰম্ভ কৰিছে৷
  • ‌গৌৰৱ গগৈৰ যোৰহাট লোকসভাত জয়ী হোৱাৰ পাছত ‘২৬ত ৰাজ্যৰ ৰাজনীতিৰ পৰিবেশ সলনি হোৱাৰ ইংগিত দিয়াৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে৷
  • নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও নিৰ্মলা সীতাৰমণো কেবিনেটত অন্তৰ্ভুক্ত হ’ব বুলি চৰ্চা চলিছে৷