বংগত নিৰ্বাচনী হিংসা: পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ সময়তে হিংসাত্মক কাণ্ডত ১১ গৰাকীৰ মৃত্যু

নিৰ্বাচনকেন্দ্ৰিক সংঘাতে আজি জোকাৰি তুলিছে পশ্চিম বংগক। আজিৰ পৰা আৰম্ভ হোৱা ৰাজ্যখনৰ তিনিটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে সংঘটিত হোৱা হিংসাত্মক কাণ্ডত প্ৰায় ১১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। সংঘৰ্ষত আহত হৈছে বহুকেইগৰাকী লোক।
এই হিংসাত্মক কাণ্ডত নিহতসকলৰ ভিতৰত সাতগৰাকী তৃণমূল কংগ্ৰেছৰ সদস্য, দুগৰাকী চিপিআই (এম)ৰ সদস্য আৰু বিজেপি, কংগ্ৰেছৰ এগৰাকীকৈ সদস্য আছে বুলি জানিব পৰা গৈছে। সংঘৰ্ষৰ সময়ত ৰাজ্যৰ কেইবাটাও স্থানত বেলট বাকচ ধ্বংস কৰা হৈছে বুলিও খবৰ প্ৰকাশ কৰিছে।
ইফালে এই সংঘৰ্ষক কেন্দ্ৰ কৰি ৰাজনৈতিক বাক-বিতণ্ডাত নামি পৰিছে ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপি। তৃণমূলে নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় সামৰিক বাহিনীলৈ বিফলতাৰ দোষ ঠেলি কেন্দ্ৰীয় সামৰিক শক্তি এতিয়া ক’ত বুলি প্ৰশ্ন তোলে।
আনহাতে বিৰোধী বিজেপিয়ে কেন্দ্ৰীয় সামৰিক বাহিনীৰ জোৱানসকলক নিৰ্বাচনী বুথসমূহলৈ প্ৰেৰণ কৰা হোৱা নাছিল বুলি শাসকীয় তৃণমূললৈ অভিযোগ উত্থাপন কৰিছে। বিজেপি নেতা ৰাহুল সিনহাই হিংসাজৰ্জৰ পঞ্চায়ত নিৰ্বাচনক ‘এয়া নিৰ্বাচনৰ নামত প্ৰহসন’ আখ্যা দিয়ে।
উল্লেখ্য যে, যোৱা ৮ জুনত ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল। ইয়াৰ পিছৰে পৰা সমগ্ৰ বংগতে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি এই সংঘৰ্ষত এগৰাকী কিশোৰকে ধৰি পোন্ধৰগৰাকী লোকৰ মৃত্যু হৈছে।
লক্ষণীয়ভাৱে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ ৭৩,৮৮৭ খন আসনত আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছিল। ৰাজ্যৰ প্ৰায় ৫.৬৭ কোটি লোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰায় ২.০৬ লাখৰ ভিতৰত প্ৰাৰ্থী বাছনি কৰিব।
আজিৰ হিংসাত্মক ঘটনাৰ মাজতে ৰাজ্যৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে উত্তৰ ২৪ পৰগনা জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে আৰু সংঘৰ্ষত আহত লোকসকলক সাক্ষাৎ কৰাৰ লগতে ভোটাৰৰ সৈতে মত বিনিময় কৰে।