NORTHEAST NOW (Assamese)
অসম

বোকাখাতত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হ’ল বিদ্যুৎ কৰ্মী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 3, 2019 2:21 pm
বোকাখাতত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হ’ল বিদ্যুৎ কৰ্মী

আজি পুৱাই বোকাখাতত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়।

আহত কৰ্মচাৰী জনৰ নাম গোবিন্দ শৰ্মা বুলি জানিব পৰা গৈছে।

জানিব পোৱা মতে আজি পুৱা মেৰামতি কামৰ বাবে বিদ্যুৎ যোগান কৰ্তন কৰি বোকাখাতৰ বালিজী হোটেলৰ সমীপত লোকজনে কাম কৰি আছিল।

সেই সময়তে কোনোবাই জেনেৰেটৰ চলাই দিয়াত কাম কৰি থকা ঠাইত বিদ্যুৎ সংযোগ হৈ গুৰুতৰভাৱে আহত হয় লোকজন।

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোক তথা আন সতীৰ্থ সকলে গোবিন্দ শৰ্মাক লাইটৰ পোষ্টৰ পৰা নমাই আনি প্ৰাথমিক চিকিৎসাৰ বাবে বোকাখাতস্থিত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

কিন্তু পাছত উন্নত চিকিৎসাৰ বাবে আহত গোবিন্দ শৰ্মাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।