NORTHEAST NOW (Assamese)
Popular Stories

ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৩০৬ কোটি টকাৰ মোকৰ্দমা জয়   

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2019 2:58 pm
Court-martal-750x375-1140x570

অৱশেষত ভাৰতৰ পক্ষে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে UK উচ্চ ন্যায়ালয়ে। বুধবাৰে ন্যায়ালয়খনে ভাৰত আৰু পাকিস্তানৰ মাজৰ কেইবা দশক পুৰণি বিবাদ, লণ্ডনৰ এটা বেংকত জমা থকা হাইদৰাবাদৰ সপ্তম নিজাম মিৰ ওচমান আলী খানৰ বৃহৎ ধনৰাশিৰ ক্ষেত্ৰত ভাৰত আৰু হায়দৰাবাদৰ অষ্টম টিটুলাৰ নিজাম তথা তেওঁৰ ভাতৃৰ পক্ষত ৰায় দিয়ে।

লণ্ডনৰ নেটৱেষ্ট বেংক পিএলচিত জমা থকা ধনৰাশিৰ বৰ্তমান মূল্য হৈছে ৩৫ মিলিয়ন পাউণ্ড অৰ্থাৎ ৩০৬ কোটি ভাৰতীয় টকা।

উল্লেখযোগ্য যে ১৯৪৮ চনৰ ২০ ডিচেম্বৰত হায়দৰাবাদৰ সপ্তম নিজামৰ বিত্ত মন্ত্ৰী নাৱাব ম’ইন নাৱাজ য়ুঙে লণ্ডনৰ বেংকটোত থকা তেতিয়াৰ নৱ-গঠিত পাকিস্তানৰ বৃটেইনস্থিত ৰাষ্ট্ৰদূত হাবিব ইব্ৰাহিম ৰহিমটুল্লাৰ একাউণ্টত ১ মিলিয়ন পাউণ্ড জমা কৰিছিল।

পিছত নিজাম মিৰ ওচমান আলী খানে এই সমগ্ৰ কাণ্ডৰ সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰি এইয়া অনুমতি অবিহনে কৰা হৈছিল বুলি অভিযোগ কৰিছিল। ৰাজশাসিত ৰাজ্য হায়দৰাবাদক ভাৰতৰ অংগৰাজ্য কৰাৰ সময়ত এই কাৰ্য কৰা হৈছিল।

তেতিয়াৰ পৰা সেই ধনৰাশি বৃদ্ধি হৈ আহি এতিয়া তাৰ পৰিমাণ হৈছেগৈ ৩৫ মিলিয়ন পাউণ্ড। নিজামৰ উত্তৰ-পুৰুষসকলে দাবী কৰা মতে এই ধন তেওঁলোকৰ, আনহাতে পাকিস্তানৰ মতে উক্ত ধনৰাশিৰ ওপৰত তেওঁলোকৰহে অধিকাৰ আছে।

সপ্তম নিজামৰ নাতি, টুৰ্কিস্থিত মুকাৰাম জাহ আৰু তেওঁৰ সৰু ভাতৃ মুফাখাম জাহে কৰা দাবী মতে তেওঁলোকৰ ককাকে তেওঁলোকক উক্ত ধনৰাশি উপহাৰ হিচাপে দিছিল।

আনহাতে পাকিস্তানে দাবী কৰা মতে তেতিয়াৰ ৰাজশাসিত ৰাজ্য হায়দৰাবাদে সেই সময়ত ভাৰতৰ দ্বাৰা আক্ৰমণৰ সন্মুখিন হোৱাৰ আশংকাত অস্ত্ৰৰ যোগানৰ বাবদ পাকিস্তানক উক্ত ধনখিনি প্ৰদান কৰিছিল।

পিছত ভাৰতেও নিজামৰ পৰিয়ালে তোলা দাবীৰ সমৰ্থনত থিয় দিয়ে আৰু তেওঁলোকৰ সৈতে এক চুক্তিত আহে। ফলত ৭০ বছৰীয়া উক্ত বিবাদটোৰ এটা পক্ষ হয় ভাৰত চৰকাৰ তথা মিৰ ওচমান আলী খানৰ নাতি আৰু পৰিয়ালৰ সদস্যসকল আৰু আনটো পক্ষ হয় পাকিস্তান চৰকাৰ।

অৱশেষত কালি অৰ্থাৎ বুধবাৰে UK উচ্চ ন্যায়ালয়ৰ বিচাৰপতি মাৰ্কাচ স্মিথে নিজামৰ পৰিয়াল আৰু ভাৰত চৰকাৰৰ পক্ষত উক্ত ৰায় ঘোষণা কৰে। ফলত এই ধনৰাশি এতিয়া ভাৰত চৰকাৰ আৰু নিজামৰ উত্তৰাধিকাৰীসকলৰ মাজত ভগাই দিয়া হ’ব।