NORTHEAST NOW (Assamese)
অৰুণাচল

শোণিতপুৰত জব্দ বাঘৰ ছাল-হাড়: তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 8, 2023 5:52 pm
tiger skin and bone seized in Assam

ৰাজ্যত চলি আছে বন্য জন্তুৰ দেহৰ অংগৰ চোৰাং কাৰবাৰ। কু-চক্ৰই ৰাজ্যৰ মাজেৰে অব্যাহত ৰাখিছে বন্য জন্তুৰ দেহৰ অংগৰ অবাধ সৰবৰাহ। আজি শোণিতপুৰ জিলাৰ ইটাখোলাৰ সমীপত ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেন্স, চমুকৈ DRI- ৰ বিষয়াই বাঘৰ ছাল আৰু হাড়সহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এই অসাধু চক্ৰটোক ধৰা পেলায় অভিযানকাৰী দলটোৱে। অৱশ্য উদ্ধাৰ হোৱা বাঘৰ অংগসমূহ চোৰাং চিকাৰৰ দ্বাৰা হত্যা কৰা বাঘৰ হয় নে নহয়, সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই।

জব্দকৃত এই অংগসমূহ অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ পক্কে বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে। লগতে বাঘৰ ছালখন পৰীক্ষা কৰি কৰ্তৃপক্ষই বাঘটো ‘ৰয়েল বেংগল টাইগাৰ’ প্ৰজাতিৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইফালে ধৃত চক্ৰটোৰ তিনিগৰাকীৰ ভিতৰত দুগৰাকী অসমৰ আৰু আনগৰাকী অৰুণাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে। অবৈধ ব্যৱসায়ৰ লক্ষ্যৰে বাঘটো ধৃত তিনিগৰাকী লোকে সৰবৰাহ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

উল্লেখ্য যে, শেহতীয়া কিছুদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে সৰবৰাহ কৰা জীৱিত বন্য জন্তুৰ লগতে জন্তুৰ দেহৰ অংগ উদ্ধাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, অসাধু চক্ৰই আন্তঃৰাষ্ট্ৰীয় বজাৰত অবৈধ ব্যৱসায়ৰ লক্ষ্যৰে এইদৰে সৰবৰাহ কৰিছে বন্যপ্ৰাণীসমূহ।