NORTHEAST NOW (Assamese)
Popular Stories

বাৰাণসীত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰা হ’লে ২-৩লাখ ভোটত হাৰিলেহেতেঁন- ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2024 7:53 pm

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰিয়ংকা গান্ধীক ৰাহুল গান্ধীয়ে বাৰাণসী লোকসভাৰ আসনৰ প্ৰাৰ্থী হ’বলৈ অনুৰোধ কৰিছিল। কিন্তু প্ৰিয়ংকা মান্তি নহ’ল। মঙলবাৰে ৰাহুল গান্ধীয়ে কয় যে যদি মোৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে বাৰাণসীত প্ৰাৰ্থী হ’বলৈ সন্মত হ’লহেঁতেন তেন্তে দেশৰ প্ৰধানমন্ত্ৰীয়ে দুইৰ পৰা তিনি লাখ ভোটত পৰাস্ত হ’লহেঁতেন।

ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলী লোকসভাৰ আসনত ৩ লাখ ৯০ হাজাৰ ভোটত জয়লাভ কৰিছে। মঙলবাৰে আছিল ধন্যবাদ জ্ঞাপন অনুষ্ঠান। সেই অনুষ্ঠানত ৰাহুলৰ সৈতে প্ৰিয়ংকাও উপস্থিত আছিল।

ৰাহুল ইয়াতেই ক্ষান্ত নাথাকিল। ৰাহুলে কয় যে দেশৰ ৰাষ্ট্ৰপতি হৈছে সমাজৰ জনসাধাৰণ। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানতো তেওঁক নিমন্ত্ৰণ কৰা হোৱা নাছিল। অযোধ্যাবাসীয়ে উত্তৰ দিলে।