NORTHEAST NOW (Assamese)
অসম

টী-২০ বিশ্বকাপত চাৰি অভাৰত কোনো ৰান নিদি ল’লে ৩ উইকেট; ইতিহাস ৰচিলে ফাৰ্গুচনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2024 10:14 am

চলিত টী-২০ বিশ্বকাপত সৃষ্টি হ’ল এক অনন্য বিশ্ব অভিলেখ। নিউজিলেণ্ডৰ পেচ বলাৰ লকি ফাৰ্গুচনে অবিশ্বাস্য বলিঙৰ জৰিয়তে ইতিহাস ৰচিলে। নিউজিলেণ্ড আৰু পাপুয়া নিউগিনিৰ মাজত অনুষ্ঠিত হোৱা নিয়মৰক্ষাৰ মেচখনত তেওঁ এই অভিলেখ গঢ়িলে। চাৰি অভাৰত চাৰিওটাই মেডেন ল’লে ফাৰ্গুচনে। তাৰ লগতে দখল কৰিলে তিনিটা উইকেট।

ইয়াৰ পূৰ্বে ২০২১ চনৰ ১৪ নৱেম্বৰত কানাডাৰ ছাদ বিন জাফাৰে পানামাৰ বিৰুদ্ধে ৪ অভাৰ বলিং কৰি ৪ মেডেন পাইছিল। এইটোৱেই আছিল টী-২০ আন্তৰ্জাতিকত এতিয়ালৈকে সৰ্বাধিক ডট বলৰ অভিলেখ। সোমবাৰে (১৭ জুন) নতুন অভিলেখ গঢ়িলে লকি ফাৰ্গুচনে।

কিন্তু ফাৰ্গুচনে খেলপথাৰত প্ৰৱেশ কৰাৰ পূৰ্বে বাংলাদেশৰ পেচাৰ তাঞ্জিম হাছান ছাকিবে সোমবাৰে পুৱাই বিশ্বকাপত সৰ্বাধিক ডট বলৰ অভিলেখ গঢ়িছিল। নেপালৰ বিৰুদ্ধে তেওঁ ২১টা ডট বল কৰে। সেই অভিলেখ ২৪ ঘণ্টাও টিকি নাথাকিল। পাপুয়া নিউগিনিৰ বিৰুদ্ধে ফাৰ্গুচনে নতুন অভিলেখ গঢ়ি তুলিলে।

লগতে পঢ়কঃ Euro 2024: নাক ভাঙিল এমবাপেৰ! অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত ফ্ৰান্স জয়ী হ’লেও হতাশ অনুৰাগী

এই দিনটোত পাপুয়া নিউগিনিৰ বেটছমেনে ফাৰ্গুচনৰ বিৰুদ্ধে খেলিবই নোৱাৰিলে। লকিয়ে নিজৰ স্বপ্নৰ স্পেলটোত তিনিটা উইকেট দখল কৰে। আছাদ ভালা, চাৰ্লছ আমিনি আৰু ছ’পাৰৰ উইকেট দখল কৰে কিউই বলাৰজনে। পঞ্চম অভাৰত তেওঁৰ হাতত বল তুলি দিয়া হৈছিল।

প্ৰথম বলটোতে লকি ফাৰ্গুচনে এটা উইকেট লাভ কৰে। ডেৰিল মিচেলৰ হাতত শ্লিপত ধৰা পৰে আছাদ ভালা। পৰৱৰ্তী অভাৰত ফাৰ্গুচনে অহৰহ লাইন আৰু লেংথ সলনি কৰি পাপুয়া নিউগিনিৰ বেটছমেনসকলক বিভ্ৰান্ত কৰি ৰাখিছিল। চাৰ্লছ আমিনি লকিৰ দ্বাৰা এলবিডব্লিউ হয়। তেওঁ ছ’পাৰক বল্ড কৰিছিল। লকিয়ে এক অসাধাৰণ কৃতিত্ব অৰ্জন কৰিলে।