NORTHEAST NOW (Assamese)
অসম

ফাঁচী বজাৰত চিলিণ্ডাৰ বিস্ফোৰণ : ১ নিহত আৰু ৮ জন আহত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 26, 2024 7:53 pm

বুধবাৰে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত সংঘটিত হোৱা চিলিণ্ডাৰ বিস্ফোৰণত কমেও ৮ জন শ্ৰমিক আহত হয়।

এল এণ্ড টি কোম্পানীৰ শ্ৰমিকসকলে ফাঁচী বজাৰ ঘাটত দলং নিৰ্মাণৰ কামত নিয়োজিত হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

প্ৰাৰম্ভিক খবৰ অনুসৰি, পুৱা সংঘটিত হোৱা এই বিস্ফোৰণটো নিৰ্মাণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰৰ কাৰিকৰী সমস্যাৰ বাবে সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ঘটনাৰ পিছতে আঘাতপ্ৰাপ্তসকলক সহায় কৰিবলৈ শ্ৰমিক আৰু স্থানীয় লোকসকল আগবাঢ়ি যায়।

তৎক্ষণাত জৰুৰীকালীন সেৱাৰ লোকসকলক ঘটনাস্থলীলৈ মাতি অনা হয় আৰু আহত শ্ৰমিকসকলক ক্ষন্তেকতে চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

জানিব পৰা মতে এই ঘটনাত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে।