NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ মুছলপুৰত আৰক্ষীৰ অভিযান : এ কে ৪৭, পিষ্টল আৰু গুলীসহ পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক February 1, 2021 3:29 pm
Baksa

বিটিআৰত পুনৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বিটিআৰৰ বাক্সা জিলাৰ মুছলপুৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰম্ভ কৰি তীব্ৰ কৰিছে অভিযান।
আৰক্ষীৰ এই তীব্ৰ অভিযানত এখনৰ পিচত আনখন ঠাইত উদ্ধাৰ হৈছে অবৈধ অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ৷

ঠায়ে ঠায়ে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে একে ৪৭ ৰাইফলৰ লগতে বৃহৎ পৰিমাণৰ গুলী৷

যোৱা নিশা পুনৰ বাক্সা জিলাৰ মুছলপুৰত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ৷

জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰিমাখাত মৰা পাগলাদিয়া নদীৰ পাৰত গাঁত খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰখিনি৷

আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা এটা একে ৪৭ ৰাইফল, ১০৭ টা গুলী, এটা পিষ্টল আৰু আঠ জাই সজীৱ গুলী উদ্ধাৰ কৰে৷

জানিব পৰা মতে এক গোপন সুত্ৰৰ পমখেদি বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নেতৃত্বত বৰবৰী আৰক্ষীয়ে বৰিমাখাৰ মৰা পাগলাদিয়া নদীৰ পাৰত গাত খান্দি অস্ত্ৰখিনি উদ্ধাৰ কৰে৷

অৱশ্যে অবৈধ অস্ত্ৰখিনি কাৰ সেই বিষয়ে এতিয়াও তথ্য লাভ কৰা নাই আৰক্ষীয়ে৷