NORTHEAST NOW (Assamese)
Popular Stories

কন্যাৰ নাম কি ৰাখিলে বিৰাট-অনুষ্কাই? : কন্যাৰ ফ’টো ভাইৰেল কৰিলে তাৰকা অভিনেত্রাী অনুষ্কাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2021 4:43 pm
Virat Anuska

২১ দিন অতিক্ৰম কৰিলে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যা জন্ম হোৱাৰ।

২১ দিনৰ অন্তত ভাৰতৰ দুই তাৰকা দম্পতিয়ে ভাইৰেল কৰিলে কন্যাৰ ছবি চ’ছিয়েল মিডিয়াৰ যোগে।

সোমবাৰে অনুষ্কা শৰ্মাই নিজা ইনষ্টাগ্ৰাম একাউন্টত স্বামী বিৰাট কোহলী আৰু কন্যাসহ এখন ফ’টো শ্বেয়াৰ কৰিছে।

উক্ত ফ’টো প’ষ্টটোতে অনুষ্কাই কন্যাৰ নাম ভামিকা ৰখাৰ কথা উল্লেখ কৰিছে।

পিতৃ-মাতৃয়ে কন্যা সন্তানটিক কোলাত লৈ শ্বেয়াৰ কৰা ফ’টোখনত অনুষ্কাই লিখিছে, “প্ৰেম ভালপোৱাৰে একত্ৰে আছো, প্ৰজ্ঞা আৰু কৃতজ্ঞতাৰে জীৱন যাপন কৰি আহিছো, কিন্তু এই অকণি পৰীগৰাকী, ভামিকাই আমাৰ জীৱনক অন্য মাত্ৰা প্ৰদান কৰিছে।…”

 

View this post on Instagram

 

A post shared by AnushkaSharma1588 (@anushkasharma)

এই প’ষ্টটো ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ লগে লগে ইন্টাৰনেট জগতত ক্ষীপ্ৰ গতিত ভাইৰেল হোৱা পৰলিক্ষিত হৈছে।

বিভিন্নজনে বিৰাট আৰু অনুষ্কাক শুভেচ্ছাৰে ওপচাই পেলোৱাৰ লগতে ভামিকাক আশীৰ্বাদ দিয়া দেখা গৈছে।