NORTHEAST NOW (Assamese)
অসম

কোকিলাত ভয়ংকৰ অগ্নিকাণ্ড : খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ’ল অগ্নিনিৰ্বাপক বাহিনী

Posted by: ইয়াছিন আলী May 20, 2018 12:44 pm
অগ্নিকাণ্ড

শনিবাৰে নিশা বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ হাকিমুদ্দিনৰ ঘৰত প্ৰায় ৯ মান বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে হাকিমুদ্দিনৰ ঘৰত অগ্নিকাণ্ডৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে।

ভয়ংকৰ অগ্নিকাণ্ডটোৰ ফলত হাকিমুদ্দিনৰ ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে ঘৰৰ ধান-চাউল, হাঁহ-কুকুৰাসহ প্ৰায় ২ লক্ষাধিক টকাৰ সম্পত্তি অগ্নিকাণ্ডত ভস্মীভূত হয়।

উল্লেখযোগ্য যে আগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আগ্নি নিৰ্বাপক বাহিনীক ঘটনা সম্পৰ্কত অৱগত কৰে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত নহ’ল। ফলত স্থানীয় ৰাইজ একত্ৰিত হৈ বহু কষ্টৰে জুই নুমুৱাবলৈ সক্ষম হয়। আৰু কোনোমতে ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে সমীপৰ কেইবাটাও পৰিয়াল।