NORTHEAST NOW (Assamese)
অসম

‘পলাতক’ উদ্যোগপতি বিজয় মালিয়াৰ বিৰুদ্ধে চিবিআই আদালতে জাৰি কৰিলে নতুন পৰোৱানা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 2, 2024 12:24 pm

বিদেশত পলাতক হৈ থকা ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে মুম্বাইৰ চিবিআইৰ বিশেষ আদালতে নতুন জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। ইণ্ডিয়ান অভাৰচিজ বেংকৰ পৰা ১৮০ কোটিৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত এই পৰোৱানা জাৰি কৰিছে চিবিআই আদালতে।

যোৱা ২৯ জুনত নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰা হৈছিল যদিও চিবিআই আদালতৰ বিশেষ ন্যায়াধীশ এছ পি নাইক নিম্বালকাৰে জাৰি কৰা এই ৱাৰেণ্টৰ বিষয়টো সোমবাৰে নিশাহে পোহৰলৈ আহে।

এই ৱাৰেণ্টত চিবিআইয়ে জনোৱা মতে, কিংফিচাৰ এয়াৰলাইন্সৰ প্ৰাক্তন মুৰব্বী বিজয় মালিয়াই ৰাষ্ট্ৰীয়কৃত অভাৰচিজ বেংকৰ পৰা ১৮০ কোটি টকাৰ ঋণ লৈ ইচ্ছাকৃতভাৱে পৰিশোধ কৰা নাই। ফলত চৰকাৰে বিপুল পৰিমাণৰ ধন হেৰুৱাব লগা হৈছে।

লগতে পঢ়কঃ অগ্নিবীৰ, আদানী-আম্বানী, সংখ্যালঘু…সংসদৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ ভাষণৰ অংশ

উল্লেখ্য যে মালিয়া বৰ্তমান ভাৰতৰ পৰা পলায়ন কৰি লণ্ডনত বাস কৰি আছে। ধন আত্মসাৎৰ অভিযোগত তেওঁৰ বিৰুদ্ধে চলি আছে ইডিৰ গোচৰ। দীৰ্ঘদিন ধৰি ভাৰত চৰকাৰে বিজয় মালিয়াক প্ৰত্যাৰ্পণৰ চেষ্টা চলাই আহিছে।

৬৮ বছৰীয়া ব্যৱসায়ীজনৰ বাবে ৱাৰেণ্ট জাৰি কৰাৰ যুক্তি দি চিবিআইয়ে কয় যে বিজয় মালিয়া পলাতক হৈ থকাৰ বাবে তেওঁৰ বিৰুদ্ধে মুকলি নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰিব পাৰি। সুৰা ব্যৱসায় সাম্ৰাজ্যৰ বহু কোটিপতি ব্যৱসায়ীগৰাকীক হাতত আনিবলৈ ভাৰত চৰকাৰে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছে। কিন্তু, তেওঁ বাৰে বাৰে বিদেশী আদালতত সকাহ পাই আছে।

লগতে পঢ়কঃ ভাৰতীয়সকলে গোটেই জীৱনৰ পঢ়াশুনাৰ তুলনাত দুগুণ খৰচ কৰে বিবাহত; সমীক্ষাত প্ৰকাশ পাইছে তথ্য

চিবিআইয়ে অভিযোগ কৰে যে মালিয়াই অসৎ আৰু প্ৰৱঞ্চনাৰ উদ্দেশ্যেৰে এই ঋণ লৈছিল। মুঠ ঋণৰ ৩৮.৩০ কোটি টকা শ্বেয়াৰলৈ ৰূপান্তৰিত কৰা হৈছিল।