NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কক লৈ সকলো অসমীয়াৰ সৈতে মোৰ একে মত : অংগৰাগ মহন্ত

Posted by: এন ই নাও নিউজ May 20, 2018 6:31 pm
Angarag papon with wife and children

জনপ্ৰিয় গায়ক অংগৰাগ ( Angarag Papon ) মহন্তই নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰোধিতা কৰিছে| ‘প্ৰত্যেক অসমীয়াৰে একেটাই মত। বেলেগ বেলেগ মতৰ প্ৰশ্ন উঠাই নাই’ বুলি আজি ২০ মে’ত গুৱাহাটীত অসমত বিধেয়কখনৰ বিৰুদ্ধে গঢ় লৈ উঠা জনমতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে মহন্তই।

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে জুবিন গাৰ্গ বিজেপিৰ কেইজনমান নেতাৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হোৱা সন্দৰ্ভত মহন্তই কয় যে ‘শিল্পীয়ে সমাজৰ বাৰ্তা এটাহে শিল্পৰ যোগেদি তুলি ধৰে। শিল্পীৰটো স্বাধীনতা থাকিবই।’

অসমৰে কিছু ৰাজনৈতিক নেতাই বিধেয়কখন সমৰ্থন কৰাক লৈ তেওঁ ‘ৰাজনৈতিক নেতাসকলে ৰাজনীতিৰ দিশৰ পৰা বিষয়টো চাগে চাইছে’ বুলি মত প্ৰকাশ কৰে।

বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ আন এগৰাকী জনপ্ৰিয় গায়ক জুবিন গাৰ্গে নিৰন্তৰ নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰাৰ পৰত এই সন্দৰ্ভত অংগৰাগৰ অনুৰাগীসকল তেওঁৰ মত জানিবলৈ অধীৰ হৈ আছিল।

অসমৰ ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহটো অনুৰাগীসকলে তেওঁৰ অনুপস্থিতি অনুভৱ কৰা বুলি ছ’ছিয়েল মিডিয়াত চৰ্চা চলি আছিল।

টি ভিৰ ৰিয়েলিটি শ্ব’ এটাত হোৱা ‘চুম্বন বিতৰ্ক’ৰ পিছত গায়কজন ৰাজহুৱা জীৱনৰ পৰা প্ৰায় অন্তৰ্ধান হৈ আছিল। যোৱা ২৪ ফেব্ৰুৱাৰিৰ পিছৰ পৰা ছ’ছিয়েল মিডিয়াটো তেওঁ অনুপস্থিত আছিল।

আনহাতে বৰ্তমান আদালতৰ বিচাৰাধীন হৈ থকা বিতৰ্কটো সন্দৰ্ভত কোনো মন্তব্য কৰিব নুখুজি কয় যে বিতৰ্কটোৰ পিছত ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থকা মহন্তই এতিয়া পেইণ্টিং কৰাত মনোনিৱেশ কৰিছে। ‘ভগৱানে হয়টো যি কৰে ভালেই কৰে’ বুলি মন্তব্য কৰি মহন্তই বিতৰ্কটো সন্দৰ্ভত আদালতৰ সুবিচাৰ কৰিব বুলি আস্থা প্ৰকাশ কৰে।

১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফটা ওঁঠ অস্ত্ৰোপচাৰ অভিযানৰ কাৰ্য্যসূচীত পত্নীৰে সৈতে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত থকাৰ সময়ত মহন্তই সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইদৰে মত প্ৰকাশ কৰে।