NORTHEAST NOW (Assamese)
দেশ

ANI VS Wikipedia :: ৱিকিপেডিয়াৰ বিৰুদ্ধে গোচৰ তৰিলে সংবাদ সংস্থাই ANI-এ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 9, 2024 6:54 pm

সংবাদ সংস্থা এএনআইয়ে দাখিল কৰা এক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে ৱিকিপিডিয়ালৈ জাননী জাৰি কৰিছে। সংবাদ সংস্থাটোৱে অভিযোগ কৰে যে ৱিকিপিডিয়াই এএনআই সম্পৰ্কে “মানহানিকাৰক সম্পাদনা”ৰ অনুমতি দিছিল। বাৰ এণ্ড বেঞ্চৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।

ন্যায়াধীশ নবীন চাওলাই এএনআইৰ আবেদনৰ ভিত্তিত এই জাননী জাৰি কৰিছে আৰু এই গোচৰৰ পৰৱৰ্তী শুনানি ২০ আগষ্টত হ’ব।

এএনআইৰ হৈ আদালতত হাজিৰ হোৱা অধিবক্তা সিদ্ধান্ত কুমাৰে কয় যে এনে মানহানিকাৰক আৰু সাধাৰণ মানুহে ব্যৱহাৰ কৰা ৱিকিপিডিয়াৰ দৰে মঞ্চই কেতিয়াও ব্যক্তিৰ মালিকানাধীন সংগঠনৰ দৰে আচৰণ কৰিব নোৱাৰে। লগতে তেওঁ কয় যে এ এন আইৰ সম্পাদকসকলক এই পৃষ্ঠাটো সম্পাদনা কৰিবলৈ ৱিকিপিডিয়াই অনুমতি দিয়া নাই। কেৱল ৱিকিপিডিয়াৰ সম্পাদকেহে এই পৃষ্ঠা সম্পাদনা কৰিব পাৰিব।

আদানী গোটৰ মালিকানাধীন এএনআইৰ ৱিকিপিডিয়া পেজত কোৱা হৈছে যে, “বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ অপপ্ৰচাৰৰ আহিলা হিচাপে কাম কৰাৰ বাবে আৰু ভুৱা বাতৰি প্ৰচাৰ আৰু ভুল প্ৰতিবেদন দিয়াৰ বাবে সংবাদ সংস্থাটোক সমালোচনা কৰা হৈছে।”

এএনআইয়ে ইয়াৰ বিৰুদ্ধে আদালতত অভিযোগ দাখিল কৰি কয় যে ৱিকিপিডিয়াত সংবাদ সংস্থাটোৰ বিষয়ে এই বৰ্ণনা মানহানিকাৰক।