NORTHEAST NOW (Assamese)
Popular Stories

ভুৱা নথি-পত্ৰৰে বিশেষভাৱে সক্ষম বুলি দাবী! বিতৰ্কত আন এজন প্ৰাক্তন আই এ এছ বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 15, 2024 12:38 pm

প্ৰশিক্ষণৰত আই এ এছ বিষয়া পূজা খেডকাৰক লৈ বিতৰ্ক। এফালে ভুৱা নথি-পত্ৰ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে, আনফালে পদৰ অপব্যৱহাৰৰ অভিযোগ। পূজাৰ দৰে এইবাৰো আন এজন আই এ এছ বিষয়াৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন হৈছে। অৱশ্যে ইতিমধ্যে চাকৰি এৰি থৈ গৈছে।

পূজা খেডকাৰে সুবিধা লৈ ইউ পি এছ চিৰ পৰীক্ষাত ভুৱা অক্ষমতাৰ প্ৰমাণ পত্ৰ লৈ উত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই একেই অভিযোগ অভিষেক সিং নামৰ এজন প্ৰাক্তন আই এ এছ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে। লগতে তেওঁ অক্ষমতাৰ ভাও ধৰি ইউ পি এছ চি পৰীক্ষাৰ সুবিধা লৈছিল। এই ২০১১ বেচৰ আই পি এছ বিষয়াজনে যোৱা বছৰ এই সেৱাৰ পৰা পদত্যাগ কৰিছিল।

অভিষেকৰ বিৰুদ্ধে মূল অভিযোগ আছিল ইউ পি এছ চি পৰীক্ষাত হাজিৰ হোৱাৰ সময়ত শাৰীৰিক সমস্যা হোৱা বুলি দাবী কৰিছিল। তেওঁ ‘ল’ক’ম’টৰ ডিচেবিলিটি’ত ভুগিছে। কিন্তু চাকৰিৰ পৰা পদত্যাগ কৰাৰ পিছত অভিষেকক জিম কৰি থকা, বিভিন্ন ছ’চিয়েল মিডিয়া ভিডিঅ’ত নাচি থকা দেখা গৈছিল। নেট মিডিয়াত অভিযোগ উত্থাপন হৈছে যে পূজাৰ দৰে তেওঁও ভুৱা দাবীত আই এ এছ হৈছিল। অৱশ্যে অভিষেকে এই অভিযোগ খাৰিজ কৰে।

এইগৰাকী প্ৰাক্তন আই এ এছ বিষয়াই অভিনেতা হ’ব বিচাৰে। সেইবাবেই চাকৰি এৰিলে। এতিয়া এই অভিযোগৰ পিছত অভিষেকে কয় যে সংৰক্ষণ ব্যৱস্থাক সমৰ্থন কৰাৰ বাবে তেওঁক এনেদৰে আক্ৰমণ কৰা হৈছে। তেওঁৰ জাতিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। অভিষেক স্পষ্ট, তেওঁ এই ঠাইলৈ যাবলৈ বহুত কষ্ট কৰিছে, বহুত যুঁজিছে।

ইফালে, প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়া পূজাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ পূজাৰ পিতৃয়ে মানি ল’ব বিচৰা নাছিল। তেওঁৰ স্পষ্ট বক্তব্য, তেওঁৰ কন্যাক কোনো অপৰাধ নোহোৱাকৈ নিৰ্যাতন চলোৱা হৈছে। তেওঁ দাবী কৰে যে পূজাৰ কোনো ভুল হোৱা নাই। অকাৰণতে তেওঁক আক্ৰমণ কৰা হৈছে।তেওঁ কোনোবাই ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে।