বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ; মনোৰঞ্জন তালুকদাৰৰ আশ্বাসক তাৎক্ষণিক আদৰণি জীপালৰ

দেওবাৰে বোকাখাতৰ বংকোৱালত উপস্থিত হয় সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। বংকোৱাল – নেঘেৰিটিং সংযোগী চিগা মথাউৰি পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে। বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ।
বংকোৱালত বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈয়েই চিগা মথাউৰিৰৰ পুনৰ নিৰ্মানৰ কাম লেহেমীয়া গতিত হোৱাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। ইফালে বিগত ২ জুলাই তাৰিখে উক্ত ছিন্ন মথাউৰি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মথাউৰি চিগা ঠাইত বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ এক বিকল্প যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১২ দিন উকলি যোৱাৰ পাছতো উক্ত অঞ্চলত কোনো বিকল্প যাতায়তৰ ব্যৱস্থা নোহোৱাত তীব্ৰ সমালোচনা কৰে জলসম্পদ মন্ত্ৰী পিয়ূয হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, “কেৱল মদগৰ্বী আচৰণ আৰু উদ্ধত মন্তব্যৰে জনসাধাৰণক বিভ্ৰান্ত কৰি থকা জলসম্পদ মন্ত্ৰীজনৰ আচলতে বানপানী আৰু মথাউৰি সন্দৰ্ভত কোনো সু-স্পষ্ট ধাৰণায়েই নাই থকা হ’লে বানপানীৰ পূৰ্বে আওপুৰণি আৰু ভগ্নপ্ৰায় মথাউৰিবোৰ তেওঁলোকে মেৰামতি কৰিলে হেতেন। কেৱল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ মথাউৰি ভাগিছে বুলি কৈ তেওঁলোকে আচলতে পুনৰবাৰ বিষয়টোৰ পৰা কৌশলেৰে গা এৰা দিব বিচাৰিছে। ৮ টা বছৰ অসমত আৰু বানপানী নহয় বুলি চৰকাৰখন শুই থাকিল, তাৰ ফল এতিয়া নিৰিহ জনসাধাৰণৰ ভোগিব লগীয়া হৈছে।”
আনহাতে CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় – “মন্ত্ৰী পিয়ূয হাজৰিকাই ৰাইজৰ এই দুৰৱস্থাৰ পাছত হয় পদত্যাগ কৰিব লাগিছিল নহয় মুখ্যমন্ত্ৰীজনে নিজেই মন্ত্ৰীসভাৰ পৰা তেওঁক অপসাৰণ কৰিব লাগিছিল”। লগতে বোকাখাত বিধানসভা সমষ্টি দুবাৰৰ বাবে দখল কৰি থকা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে পুনৰ কয়, “দুটাকৈ কাৰ্যকালত তেওঁ কি কৰিলে? আওপুৰণি মথাউৰিবোৰ পৰিদৰ্শন কৰি সেই বিলাকৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম কিয় নকৰিলে? কেৱল বান অধ্যুষিত অঞ্চল পৰিদৰ্শনৰ নামত মাছ মৰা, গৰুক বেছি দিয়াৰ দৰে কাৰ্য কৰি থাকিবলৈ তেওঁৰ লাজ নালাগিল নে?” বানাকান্ত বংকোৱালবাসীয়ে মন্ত্ৰী অতুল বৰাই আজিলৈকে অঞ্চলটোৰ আন বিপদসংকুল মথাউৰিবোৰ পৰিদৰ্শন নকৰাৰ অভিযোগক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰে।
ইফালে বানাক্ৰান্তৰ বিকল্প যাতায়তৰ বাবে উক্ত অঞ্চলত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এখন নাও প্ৰদানৰ ঘোষণা CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ।
উল্লেখযোগ্য যে বংকোৱালৰ ছিন্ন মথাউৰি পৰিদৰ্শন কালত বিধায়ক মনোৰঞ্জন তালুকদাৰে বিধান সভাত বংকোৱালৰ বান সমস্যা সাজোৰে উপস্থাপন কৰাৰ আশ্বাস দিয়ে বানাক্ৰান্ত ৰাইজক। তেওঁ কয় – ” বিধান সভাত আমি বংকোৱালৰ বান সমস্যাক শক্তিশালী কণ্ঠৰে উপস্থাপন কৰি চৰকাৰক ইয়াৰ স্থায়ী সমাধানৰ বাবে বাধ্য কৰাবলৈ চেষ্টা কৰিম”। ইফালে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এই আশ্বাসৰ প্ৰতি তৎক্ষণিক আদৰণি জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই। জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয় – “বিধান সভাৰ এই শক্তিশালী বক্তা গৰাকীৰ বক্তব্যক আমি শ্ৰদ্ধা আৰু আদৰণি জনাইছোঁ। যিটো কাম কৰিবলৈ উৎসাহি হ’ব লাগিছিল স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা সেই কাম কৰিবলৈ ওলাইছে মনোৰঞ্জন তালুকদাৰে, মন্ত্ৰী অতুল বৰাৰ লজ্জানত হ’ব পৰাকৈ আৰু কিবা থাকিলনে বুলিও প্ৰশ্ন কৰে জীপালৰ উপদেষ্টা গৰাকীয়ে।
উল্লেখযোগ্য যে দেওবাৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বংকোৱালৰ ছিন্ন মথাউৰি অঞ্চল পৰিদৰ্শন কৰাৰ উৰিও ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ লগত ঠায়ে আলোচনাত মিলিত হয় লগতে কাঞ্চাচাপৰি, গোলোংটেমেৰা আৰু বাতিৱলা অঞ্চল পৰিদৰ্শন কৰি উক্ত ঠাইৰ মথাউৰিৰ এতিয়াও তিনি অংশত হৈ থকা ‘লিকেজ’ পৰিদৰ্শন কৰি খেদ প্ৰকাশ কৰে। লগতে কাঞ্চা চাপৰিৰ মথাউৰি পৰিদৰ্শন কৰি এই ক্ষেত্ৰত স্থানীয় বিধায়ক অতুল বৰাৰ অমনোযোগিতা ক তীব্ৰ সমালোচনা কৰে।
উল্লেখযোগ্য যে যোৱা ২ জুলাইৰ পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে বংকোৱাল-নেঘেৰিটিং সংযোগী মথাউৰিটোৰ এটা বৃহৎ গুৰুত্বপূৰ্ণ অংশ চিঙি পেলোৱাৰ ফলত এতিয়া বংকোৱাল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত হাহাকাৰ অৱস্থা জনসাধাৰণৰ।ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গ’ল কাৰোবাৰ ঘৰ,কাৰোবাৰ ভঁড়ালৰ সাচতীয়া ধান। উটি গ’ল পোহনীয়া গৰু – গাহৰি, চিঙি-ভাঙি বিধস্ত হ’ল অঞ্চলটোৰ বহুতো গাম্য উপপথ।
একপ্ৰকাৰ শতিকা পিছুৱাই যোৱা বিধস্তপ্ৰায় অৱস্থা এতিয়া বংকোৱাল তথা ইয়াৰ কাষৰীয়া অঞ্চল সমুহৰ।যাক নিজে প্ৰত্যক্ষ নকৰিলে কল্পনা কৰাই টান।