NORTHEAST NOW (Assamese)
Popular Stories

অভিযন্তাই ট্ৰাংকৰ পৰা চুৰি কৰিছিল প্ৰশ্নকাকত! নিটৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ চিবিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2024 8:49 am

ইতিমধ্যে নিটৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্তৰ অন্তত চিবিআইয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়া চিবিআইয়ে এজন অভিযন্তাক বিষয়টোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ আগতেই ট্ৰাংকৰ পৰা চুৰি কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে। কেৱল এই অভিযন্তাজনেই নহয়, তেওঁৰ এজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই।

পংকজ কুমাৰ আৰু ৰাজু সিঙে বিহাৰৰ হাজৰিবাগৰ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বা এন টি এৰ কাৰ্যালয়ৰ পৰা NEET প্ৰশ্নকাকত চুৰি কৰাৰ অভিযোগ। চিবিআইৰ সূত্ৰ অনুসৰি প্ৰশ্নকাকত চুৰি কৰি পংকজে ৰাজুক দিয়ে। তেওঁৱেই সেইবোৰ স্থানীয় অঞ্চলত বিয়পাই দিয়ে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটোৱেও জানিব পাৰিছে যে পংকজে ২০১৭ চনত জামছেদপুৰৰ এন আই টিৰ পৰা চিভিল ইঞ্জিনিয়াৰিংত উত্তীৰ্ণ হৈছিল।

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বা এন টি এয়ে উচ্চতম ন্যায়ালয়ৰ আগত কয় যে পাটনাত ক’তো কোনো প্ৰশ্ন হেৰাই যোৱা বা কোনো ট্ৰাংক ভাঙি যোৱাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই। অৱশ্যে স্থানীয় পৰ্যায়ত প্ৰশ্নকাকত ফাদিল হোৱা বুলি চিবিআইৰ দাবী। এই ঘটনাৰ আঁৰত পংকজ আৰু ৰাজু পোনপটীয়াকৈ জড়িত বুলি সন্দেহ কৰা হৈছে। চিবিআইয়েও ভাবে যে হাজৰিবাগ হৈছে NEET প্ৰশ্নকাকত ফাদিলৰ গ্ৰাউণ্ড জিৰ’।

চোৰাংচোৱাৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে, ৯ ছেট প্ৰশ্নকাকত চুৰি কৰি বিভিন্ন কেন্দ্ৰত বিতৰণ কৰা হয়। কিন্তু এই বিষয়ত চিবিআইৰ বিপৰীত কথা কৈছে এনটিএই। তেওঁলোকে ইতিমধ্যে উচ্চতম ন্যায়ালয়ক জনাইছে যে কোনো ট্ৰাংকৰ পৰা কোনো প্ৰশ্নকাকত হেৰাই যোৱা নাই। প্ৰতিখন প্ৰশ্নকাকতত এটা সুকীয়া ক্ৰমিক নম্বৰ থাকে আৰু ই কোনো বিশেষ প্ৰাৰ্থীৰ ওচৰলৈ যায়। তেওঁলোকে লাভ কৰা প্ৰতিবেদনত কোনো ধৰণৰ অবৈধ কাৰ্যকলাপৰ কথা পোহৰলৈ অহা নাই। আনকি কমাণ্ড চেণ্টাৰৰ চিচিটিভি ফুটেজকো তদাৰক কৰা হৈছিল। য’ত অস্বাভাৱিক একো ধৰা পৰা নাছিল।