NORTHEAST NOW (Assamese)
অসম

কাছাৰৰ ভূবন পাহাৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত তিনিজন উগ্ৰপন্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 17, 2024 9:23 am

মঙলবাৰে নিশা কাছাৰৰ ভূবন পাহাৰত অসম আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত  তিনিজন উগ্ৰপন্থী নিহত হয়।

খবৰ অনুসৰি, মঙলবাৰে নিশা ভূবন পাহাৰত কাছাৰ আৰক্ষীৰ বিষয়াক উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত সংঘটিত হয় এই ঘটনা।

নিহত তিনিজন উগ্ৰপন্থীৰ ভিতৰত দুজন অসমৰ কাছাৰ জিলাৰ হোৱাৰ বিপৰীতে এজন মণিপুৰৰ।

বাতৰি অনুসৰি অসম আৰক্ষীৰ বিষয়াসকলে মঙলবাৰে সন্ধিয়া কাছাৰ জিলাৰ ধলাইৰ পৰা তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে উগ্ৰপন্থীৰ পৰা এটা এ কে ৪৭ ৰাইফলো উদ্ধাৰ কৰে।

লগতে পঢ়কঃ চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

ধৃত তিনিওজন উগ্ৰপন্থীক এক অভিযানৰ বাবে ভূবন পাহাৰলৈ লৈ যোৱাৰ সময়তে নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হয়।

তথ্য অনুসৰি উগ্ৰপন্থীৰ সৈতে এঘণ্টাজোৰা সংঘৰ্ষত তিনিজন আৰক্ষী জোৱানো আহত হয়।