• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 7:31 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰ আজিও বিজ্ঞানীসকলৰ বাবে কৌতুহলৰ উৎস। গৱেষকসকলে নিয়মীয়া পৰ্যবেক্ষণ আৰু অভিযানৰ জৰিয়তে আমাৰ ‘চুবুৰীয়া’ নীলা গ্ৰহটোক অধিক বিশদভাৱে জনাৰ লক্ষ্য লৈছে। এতিয়া ইটালীৰ বিজ্ঞানীৰ এটা দলে দাবী কৰিলে যে তেওঁলোকে চন্দ্ৰৰ মাটিত এটা গুহাৰ সন্ধান পাইছে!

জানিব পৰা মতে, গুহাৰ স্থান চন্দ্ৰৰ ‘শীতল সমুদ্ৰ’ৰ ওচৰত। ১৯৬৯ চনত নীল আৰ্মষ্ট্ৰং আৰু এপ’ল’ ১১ য’ত অৱতৰণ কৰা হৈছিল তাৰ পৰা ২৫০ মাইল দূৰত এই গুহাটো অৱস্থিত। সুদূৰ অতীতৰ লাভা বিস্ফোৰণৰ ফলত ইয়াৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বহল ১৩০ ফুট আৰু দৈৰ্ঘ্য সম্ভৱতঃ ১০ গজ বা তাতকৈ অধিক।

গুহাটো বিচাৰি উলিওৱা ইটালীৰ ট্ৰেণ্টো বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৰ প্ৰতিনিধি লিঅ’নাৰ্ডো কেৰিয়াৰ আৰু লৰেঞ্জো ব্ৰুজনে কয় যে ‘’চন্দ্ৰৰ গুহাটো ৫০ বছৰতকৈও অধিক সময় ধৰি ৰহস্যৰ আৱৰ্তত ৰৈ আছে। আৰু সেইবাবেই আমি সেইটো পাই আচৰিত হৈছিলো।”

Apply Now

তাৰ লগতে তেওঁলোকে দাবী কৰে যে কেবল এই এটা গুহাই নহয়, তেওঁলোকে নিশ্চিত যে সেই অঞ্চলত আৰু বহুতো গুহা আছে। আনকি, চন্দ্ৰৰ দক্ষিণ মেৰুত এনে এটা গুহাৰ অস্তিত্বৰ বিষয়ে তেওঁলোক নিশ্চিত। বিজ্ঞানীসকলে নাছাৰ লুনাৰ ৰিকনেছান্স অৰ্বিটাৰৰ পৰা ৰাডাৰৰ জোখ-মাখ বিশ্লেষণ কৰিছে।

নাছাৰ সপোন চন্দ্ৰলৈ মানুহ পঠিয়াই তাত উপনিবেশ স্থাপন কৰা। বিশ্বাস কৰা হয় যে প্ৰথম অৱস্থাত এনে গুহা মহাকাশচাৰীৰ আশ্ৰয়স্থল হ’ব পাৰে। ইয়াত থাকিলে মহাজাগতিক ৰশ্মি, সৌৰ বিকিৰণ আৰু সৰু সৰু উল্কাপিণ্ডৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পাৰে।

ভৱিষ্যতে যদি পৃথিৱীখন মানুহৰ বাসস্থানৰ বাবে সম্পূৰ্ণ অনুপযোগী হয়, তেন্তে চন্দ্ৰ মানুহৰ ‘নতুন ঘৰ’ হ’ব পাৰে। সেয়েহে বিজ্ঞানীসকলে এই উপগ্ৰহটোক ভালদৰে জানিবলৈ নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি আহিছে। এইবাৰ তেওঁলোকৰ চকু পৰিল এই গুহাটোৰ ওপৰত, যিটোক সংশ্লিষ্ট বিজ্ঞানীমহলে এক উল্লেখযোগ্য আৱিষ্কাৰ বুলিয়েই গণ্য কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd