NORTHEAST NOW (Assamese)
দেশ

নীলা ছবি চাই যি যি শিকিছিলোঁ সেয়াই কৰি চাইছিলোঁ ; তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা ৬ষ্ঠ-৭ম শ্ৰেণীৰ ছাত্ৰৰ স্বীকাৰোক্তি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 17, 2024 4:15 pm

কিছুদিন পূৰ্বে অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছিল এক ভয়ানক ঘটনা। এগৰাকী ৮ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ৩ জন নাবালকৰ বিৰুদ্ধে। নৰ্থইষ্ট নাওৱে পূৰ্বে এই সম্পৰ্কে প্ৰতিবেদন প্ৰকাশ কৰিছিল।

জানিব পৰা মতে তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল ভুক্তভোগী নাবালিকাগৰাকী। এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছে তিনিটা নাবালকক।

সূত্ৰ অনুসৰি, ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ৩ জনেই ছাত্ৰীগৰাকীৰ বিদ্যালয় খনৰ ছাত্ৰ। ৩ জনৰ ভিতৰত এজন ১৩ বছৰ বয়সৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু বাকী ২ জন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেওঁলোকৰ বয়স ১২ বছৰ।

ঘটনাৰ বিৱৰণ অনুসৰি, ৩ গৰাকী নাবালকে নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাবালক তিনিজনক। অৱশ্যে নাবালিকাগৰাকীৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।

অভিযুক্তই স্বীকাৰ কৰা মতে, মৃতদেহটো খালত পেলাই দিয়া হৈছিল।

এতিয়া এই ঘটনাই লৈছে নতুন মোৰ। সোধা-পোছাৰ অন্তত ১২-১৩ বছৰ বয়সৰ কিশোৰ তিনিজনে মোবাইল ফোনত নীলা ছবিখন চাই এই কাণ্ড সংঘটিত কৰিছে বুলি স্বীকাৰ কৰে। তেওঁলোকৰ মতে, ভিডিঅ’টোত যিবোৰ যৌন কাৰ্য্য দেখুওৱা হৈছিল, সেইবোৰেই তেওঁলোকে কৰিছিল। ভিডিঅ’ চাই এই কাম কৰাৰ পিছত প্ৰমাণ নষ্ট কৰিবৰ বাবে নাবালকগৰাকীক হত্যা কৰে।