NORTHEAST NOW (Assamese)
Popular Stories

প্ৰয়াত পিতৃ কৰুণানিধিৰ পদাংক অনুসৰণ ষ্টেলিনৰ! পুত্ৰ উদয়নিধিক দিব তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2024 6:36 pm

ডেৰ দশক পূৰ্বে ষ্টেলিনৰ পিতৃ প্ৰয়াত এম কে কৰুণানিধি তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ পুত্ৰ এম কে ষ্টেলিনক ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে নামাকৰণ কৰি উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ডি এম কেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে এইবাৰ সেই আদৰ্শ অনুসৰণ কৰিবলৈ ওলাইছে।

নিউজ এজেন্সি পিটিআইৰ বাতৰি অনুসৰি তেওঁ অতি সোনকালে নিজৰ পুত্ৰ উদয়নিধিক তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ ওলাইছে। শুকুৰবাৰে ডি এম কেৰ এজন মন্ত্ৰীয়েও এনে দাবী উত্থাপন কৰে। প্ৰসংগক্ৰমে ষ্টেলিনৰ কেবিনেট সদস্য তথা জনপ্ৰিয় তামিল অভিনেতা উদয়নিধিয়ে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

২০২১ চনৰ মে’ মাহত বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ এটা দশক পাছত তামিলনাডুত ক্ষমতালৈ আহিছিল ডি এম কে। ষ্টেলিন আৰু উদয়নিধি দুয়োজনেই জয়ী হয়। মুখ্যমন্ত্রী হোৱাৰ পাছত প্রথমে পুত্রক মন্ত্রী কৰি নিদিলে৷ ২০২২ চনৰ ডিচেম্বৰ মাহত উদয়নিধিক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছিল।