NORTHEAST NOW (Assamese)
অসম

অসমত ছমাহৰ বাবে নিষিদ্ধ তৈল আৰু গেছ খণ্ডৰ কৰ্মচাৰীৰ ধৰ্মঘট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 26, 2024 8:45 am

অহা ২৫ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ তৈল আৰু গেছ খণ্ডৰ কৰ্মচাৰীৰ ধৰ্মঘটত ছমাহৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে।

বৃহস্পতিবাৰে জাৰি কৰা এক চৰকাৰী অধিসূচনা অনুসৰি অত্যাৱশ্যকীয় সেৱা ৰক্ষণাবেক্ষণ আইন (ESMA)ৰ ৩ নং ধাৰাৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই নিষেধাজ্ঞা তৈল আৰু গেছ খণ্ডৰ সৈতে জড়িত সকলো বিষয়া, কৰ্মচাৰী, ঠিকাভিত্তিক শ্ৰমিক, টেংকাৰ চালক, আৰু খালাছীৰ ক্ষেত্ৰত প্ৰযোজ্য হব।

লগতে পঢ়কঃ চলিত গ্ৰীষ্মত দেশত হিটষ্ট্ৰ’কত আক্ৰান্ত হৈছে ৪০ হাজাৰ লোক, মৃত্যু কিমানৰ? উদ্বিগ্ন ৰাষ্ট্ৰসংঘ!

অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা অধিসূচনাত উল্লেখ কৰা অনুসৰি অত্যাৱশ্যকীয় সেৱা ৰক্ষণাবেক্ষণ (অসম) আইন, ১৯৮০ৰ অধীনত এই নিষেধাজ্ঞা বলবৎ কৰা হৈছে।