NORTHEAST NOW (Assamese)
অসম

ৰঙাপৰাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠভৰ্তি বাহন

Posted by: এন ই নাও নিউজ May 21, 2018 12:01 pm
33059394_769345473456237_7461809045989490688_n

ৰাজ্যখনত সময়ে সময়ে সংঘটিত হৈ অহা কাঠ তথা বনজ সম্পদৰ চোৰাং সৰবৰাহৰ সময়তে আজি আৰক্ষীয়ে চলোৱা এক অভিযানত ৰঙাপৰাত জব্দ হয় দুখন চোৰাং কাঠভৰ্তি বাহন।

এক গোপন সূত্ৰৰ পম খেদি ৰঙাপৰাৰ বাহুমাৰিত দেওবাৰে নিশা ৰঙাপৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠভৰ্তি বাহন দুখন জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে বৃহৎ পৰিমাণৰ চোৰাং কাঠেৰে ভৰ্তি বাহন দুখন ৰঙাপৰা আৰক্ষীয়ে আমাৰীবাৰী বন বিভাগক চমজাই দিয়ে।

জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ১ লাখ টকাৰো অধিক হ’ব বুলি বন বিভাগে জনায়।

উল্লেখ্য যে অবৈধ চোৰাং কাঠৰ ব্যৱসায়ৰ লগত কোন চক্ৰ জড়িত আছে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই। ইয়াৰ উপৰি আৰক্ষীয়ে বৰ্তমানলৈ ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰা নাই।

সম্প্ৰতি অধিক তথ্যৰ বাবে বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে এফালে ৰাজ্যখনত বন বিভাগে বনাঞ্চল তথা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আনফালে এচাম দুষ্ট চক্ৰই বন বিভাগৰ চকুত ধুলি মাৰি বনাঞ্চল ধ্বংস যজ্ঞ চলাই আহিছে। এনে কাৰ্যই স্বাভাৱিকতে বনাঞ্চলপ্ৰেমী সকলক ব্যাথিত কৰি তোলা পৰিলক্ষিত হৈছে।