NORTHEAST NOW (Assamese)
অসম

মেঘালয়লৈ যোৱা অসমৰ পৰ্যটকসকলৰ জীৱন সুৰক্ষিত কৰিব লাগে : ছাত্র মুক্তি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 27, 2024 7:30 pm

যোৱা কেইবাদিনো ধৰি অসমৰ পৰা মেঘালয়লৈ ফুৰিবলৈ যোৱা পৰ্যটকসকলক অসমৰ পঞ্জীভুক্ত বাহন ব্যৱহাৰত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। তদুপৰি কোনোৱে যদি অসমৰ পঞ্জীয়নভুক্ত বাহন লৈ মেঘালয়ত ফুৰিবলৈ যায় তেনেহ’লে তেওঁলোকৰ পৰা লিখিত দামতকৈ অধিক দামত সা-সামগ্ৰীৰ মূল্য আদায় কৰা হৈছে।

এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এতিয়ালৈকে কোনো পদক্ষেপ নোলোৱাত ৰাজ্যৰ সচেতন মহল উদ্বিগ্ন হৈছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিযোগে ছাত্র মুক্তি সংগ্রাম সমিতি অসমৰ সভাপতি দেৱব্ৰত শইকীয়া, পাপু দত্ত, সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু প্রাঞ্জল কলিতাই মেঘালয়ৰ বিষয় সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ হস্তক্ষেপ বিচাৰি সমগ্ৰ বিষয়টো দুই এদিনতে সমাধান কৰাৰ দাবী উত্থাপন কৰিছে।

চুবুৰীয়া ৰাজ্যৰ ‘সৈতে ভাতৃত্বসুলভ সম্পৰ্ক হ্রাস হোৱা বিষয়টো ৰাজ্যৰ বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতা বুলি সংগঠনটোৱে তীব্র ভাষাৰে সমালোচনা কৰে। সমগ্ৰ বিষয়টোক পৰ্যৱেক্ষণ কৰি ৰাজ্যৰ গৃহ বিভাগক সংগঠনটোৱে অসমৰ পর্যটকসকলৰ জীৱন সুনিশ্চিত কৰাৰ দাবী জনায়।

তাৰোপৰি মেঘালয়ৰ জনসাধাৰণ আৰু অসমৰ পৰ্যটকসকলক সংযম বজাই ৰাখি সমগ্ৰ বিষয়টো মৈত্রীমূলকভাৱে সমাধান কৰি পূৰ্বৰ দৰে স্বাভাৱিক অৱস্থালৈ আহিবলৈ আহ্বান কৰে।