NORTHEAST NOW (Assamese)
অসম

ধাৰাসাৰ বৰষুণত জলমগ্ন দিল্লীৰ কোচিং চেণ্টাৰৰ বেছমেণ্ট; ডুবি মৃত্যু তিনি IAS প্ৰত্যাশী শিক্ষাৰ্থীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 28, 2024 11:14 am

দিল্লীৰ কোচিং চেণ্টাৰত ঘটিল এক কৰুণ দুৰ্ঘটনা। বেছমেণ্টৰ পানীত ডুবি মৃত্যু ঘটিল তিনিজনৰ। তিনিওজনেই তাত সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। শনিবাৰে সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ সময়ত কোচিং চেণ্টাৰৰ বেছমেণ্টত পানী সোমাবলৈ আৰম্ভ কৰে। তাতেই নামি আহিল বিপদ।

পশ্চিম দিল্লীৰ ৰাজেন্দ্ৰ নগৰত অৱস্থিত ‘ৰাও’ছ আই এ এছ ষ্টাডি চাৰ্কল কোচিং চেণ্টাৰ’। বহু ছাত্ৰ-ছাত্ৰীয়ে তাত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। বেছমেণ্টত আছে কোচিং চেণ্টাৰৰ পুথিভঁৰাল। কিছুমানে তাত পঢ়ি আছিল।

অগ্নিনিৰ্বাপক বাহিনীৰ মতে, সন্ধিয়া প্ৰায় ৭ বজাত তেওঁলোকে কোচিং চেণ্টাৰৰ বেছমেণ্টত পানী প্ৰৱেশ আৰম্ভ হোৱাৰ তথ্য লাভ কৰে। কিছুমান ছাত্ৰ-ছাত্ৰী তাত আবদ্ধ হৈ আছে। লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়েও উদ্ধাৰ অভিযানত যোগদান কৰে।

লগতে পঢ়কঃ সংসদত বিৰোধীৰ বিৰুদ্ধে ভাবুকিমূলক মন্তব্য মন্ত্ৰীৰ! অধ্যক্ষলৈ পত্ৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

কিন্তু আচবাব পানীত ওপঙি থকাৰ লগে লগে সমস্যাটো বাঢ়ি যায়। একাংশ ছাত্ৰ-ছাত্ৰীক ৰছীৰে টানি উদ্ধাৰ কৰা হয়। কিন্তু এই তিনিজনক উদ্ধাৰ কৰিব পৰা নগ’ল। প্ৰায় ৪ ঘণ্টাৰ পিছত উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ। মৃতসকলৰ দুগৰাকী ছাত্ৰী আৰু এগৰাক ছাত্ৰ। তেওঁলোকক ক্ৰমে তানিয়া ছোনি, শ্ৰেয়া যাদব আৰু নৱীন ডালভিন বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক টনাটনিৰ সৃষ্টি হৈছে। দিল্লী চৰকাৰক দোষাৰোপ কৰিছে বিজেপি নেতৃত্বই। দিল্লী বিজেপিৰ মুৰব্বী বীৰেন্দ্ৰ সচদেৱ আৰু নতুন দিল্লীৰ সাংসদ বাংশুৰি স্বৰাজে দাবী কৰে যে দিল্লীত আপ চৰকাৰৰ তীব্র অৱহেলাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। ইয়াৰ উপৰিও মন্ত্ৰী আতিশী আৰু স্থানীয় বিধায়কক ইয়াৰ দায়িত্ব ল’বলৈ দাবী জনায়।

দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় আপ বিধায়কগৰাকীয়ে ঘটনাস্থলীলৈ যায়। এই পৰিপ্ৰেক্ষিতত দিল্লী ৰাজহ আৰু জল ব’ৰ্ডৰ মন্ত্ৰী আতিশীয়ে কয় যে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃ অনবদ্য ৰিয়ান! ৮টা বলত ৫ ৰান দি ৩টা উইকেট দখল; শ্ৰীলংকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মসৃন জয়

কিন্তু কোচিং চেন্টাৰৰ বেছমেণ্টত কিয় এই পুথিভঁৰালটো নিৰ্মাণ কৰা হয় বুলি প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ঘটনাৰ পিছতে কোচিং চেণ্টাৰৰ বাহিৰত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে।