NORTHEAST NOW (Assamese)
অসম

মাজুলীত লুইতৰ বুকুত ঘন কুৱঁলীৰ বাবে আৱদ্ধ পাঁচখন ফেৰী

Posted by: মিটু খাটনিয়াৰ June 19, 2018 1:43 pm
ATTACHMENT

মাজুলী জিলা প্ৰশাসনৰ ‘জন-প্ৰশাসন’ কাৰ্যসূচীলৈ যোৱা প্ৰায় পাঁচখনমান ফেৰী ঘন কুঁৱলীৰ বাবে লুইতত আৱদ্ধ হৈ পৰাক লৈ তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে সত্ৰ নগৰীত।

উল্লেখযোগ্য যে প্ৰশাসনক আওহতীয়া, দুৰ্গম অঞ্চলৰ জনসাধাৰণৰ কাষ চপাই নিয়াৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনে ৰূপায়ণ কৰি অহা অভিলাষী জনসংযোগী কাৰ্যসূচী ‘জন-প্ৰশাসন’ আজি দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ ধোদাঙত অনুষ্ঠিত হ’ব। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গোলাঘাট জিলাৰ সীমা সংলগ্ন ধোদাঙৰ নৱজ্যোতি হাইস্কুলত আজি পুৱা ৯.৩০ বজাৰ পৰা জন- প্ৰশাসন কাৰ্যসূচী আৰম্ভ কৰাৰ উদ্দেশ্যে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই জিলাখনৰ ১৬টা চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰ লগতে বেংকৰ কাৰ্যবাহীকো লগত লৈ এই কাৰ্যসূচীত ভাগ ল’বলৈ পুৱা প্ৰায় ৬ বজাত মাজুলী কমলাবাৰী ঘাটৰ পৰা ফেৰীৰে ৰাওনা হৈছিল।

ATTACHMENT মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্তদ্বয় নৰেন দাস আৰু চিন্ময় নাথ আৰু ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মাৰ লগতে তিনিগৰাকী সহকাৰী আয়ুক্তৰ লগতে মাজুলী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ লগতে স্বাস্থ্য, জলসম্পদ, পশুপালন তথা পশু চিকিৎসা, কৃষি তথা কৃষি অভিযান্ত্ৰিক শাখা, শিক্ষা, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, মীন, খাদ্য আৰু অসামৰিক যোগান, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, এপিডিচিএলৰ মুৰব্বীৰ সৈতে বিভাগীয় বিষয়া- কৰ্মচাৰীৰ দল আৰু বেংকৰ বিষয়া আছিল এই দলটোত।

পুৱা যাত্ৰা আৰম্ভ কৰা পিছতে ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰে পাঁচখনকৈ ফেৰী। ইয়াৰে দুখন ফেৰী মাজুলী জিলা প্ৰশাসনৰ বিষয়া- কৰ্মচাৰীসহ সাংবাদিকৰ দল আৰু আন তিনিখন আছিল মালবাহী ফেৰী।সম্প্ৰতি ঘটনাটোক লৈ তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰা পরিলক্রিত হৈছে{