NORTHEAST NOW (Assamese)
অসম

শিক্ষা মন্ত্ৰীৰ আজৱ কাণ্ড : সংবাদমেল পাতি অন্তৰ্ধান সিদ্ধাৰ্থ ভট্টাচাৰ্য

Posted by: অনিৰ্বাণ পাঠক June 19, 2018 1:05 pm
d7d9726b-927e-4454-bfae-dd16c8f5ba24

অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উদ্ভট কাণ্ডক লৈ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি জনতা ভৱনত এখন সংবাদমেলৰ আয়োজন কৰি সাংবাদিকৰ মুখামুখি নোহোৱাকৈয়ে অন্তৰ্ধান হোৱা বিষয়টো হৈ পৰিছে এক চৰ্চাৰ কেন্দ্ৰবিন্দু।

উল্লেখ্য যে আজি ১০.৩০ বজাত জনতা ভৱনৰ ডি ব্লকৰ নিজৰ কাৰ্যালয়ৰ সভাকক্ষত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এখন সংবাদমেলৰ আহ্বান কৰিছিল। সেই আহ্বান মৰ্মেই সংবাদ কৰ্মীসকল নিৰ্দিষ্ট সময়ত উপস্থিত হৈছিল যদিও ১১:৩০ বজালৈ সংবাদমেলত উপস্থিত নহ’ল ভট্টাচাৰ্য।

ৰহস্যজনক স্থিতি অৱলম্বন কৰা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যৰ সৈতে সাংবাদিকসকলে বহুবাৰ ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁ ফোন ৰিচিভ নকৰাত সাংবাদিকসকল ক্ষুন্ন হৈ পৰে। মন্ত্ৰীগৰাকীৰ এনে কাৰ্যত সংবাদমেলৰ বাবে উপস্থিত হোৱা সংবাদকৰ্মীসকলে অৱশেষত সংবাদমেল বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ৰাজ্যৰ এগৰাকী আগশাৰীৰ ব্যক্তি তথা মন্ত্ৰীয়ে সময়ৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বিষয়টো সন্দৰ্ভত সাংবাদিক সকলে পত্ৰযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰে। ভৱিষ্যতে কোনো মন্ত্ৰী বা দায়িত্বশীল বিষয়াই যাতে এনেধৰণৰ সময়ৰ অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে সাংবাদিকসকলে পত্ৰখনৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।