NORTHEAST NOW (Assamese)
Popular Stories

পেৰিছ অলিম্পিকত পদক লাভ কৰি কি কি কৃতিত্ব অৰ্জন কৰিলে মনু ভাকেৰে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2024 8:44 am

পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ উপৰিও মনু ভাকেৰে তিনিটা অভিলেখ গঢ়ি তুলিছে। তেওঁ এইবাৰৰ অলিম্পিকৰ পৰা মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতক প্ৰথমটো পদক দিছে। অলপৰ বাবে বঞ্চিত হ’ল ৰূপৰ পদকৰ পৰা।

মনুৱে অলিম্পিকত পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়। ভাৰতীয় শ্বুটিঙত ইতিহাস সৃষ্টি কৰিছে হাৰিয়ানাৰ এইগৰাকী ২২ বছৰীয়া যুৱতীয়ে। একে সময়তে তেওঁ অলিম্পিক শ্বুটিঙত ১২ বছৰীয়া পদকৰ অপেক্ষাৰ অন্ত পেলালে।

২০১২ চনৰ লণ্ডন অলিম্পিকত গগন নাৰঙে শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁৰ পিছত কোনো ভাৰতীয় শ্বুটাৰে ৰিঅ’ ২০১৬ আৰু টকিঅ’ ২০২০ অলিম্পিকত পদক লাভ কৰিব পৰা নাছিল। মনুৱে এইবাৰ পেৰিছত পুনৰ পদক লাভ কৰিলে।

লগতে পঢ়কঃ বৰ্ষাবিঘ্নিত দ্বিতীয়খন মেচতো অদমনীয় সূৰ্য বাহিনী; শ্ৰীলংকাক পৰাস্ত কৰি শৃংখলা দখল ভাৰতৰ

মনুৱে অলিম্পিকত পদক লাভ কৰা ভাৰতৰ পঞ্চমজন শ্বুটাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে ৰাজ্যবৰ্ধন সিং ৰাথোৰ, অভিনৱ বিন্দ্ৰা, বিজয় কুমাৰ আৰু গগনে পদক লাভ কৰিছিল। অৱশ্যে মহিলা শ্বুটাৰ হিচাপে মনু প্ৰথম।

দেওবাৰে মাত্ৰ ০.১ পইণ্টৰ বাবে ৰূপৰ পদক হেৰুৱালে মানুৱে। তেওঁৰ যুঁজখনৰ অন্ত পৰে ২২১.৭ স্ক’ৰেৰে। দক্ষিণ কোৰিয়াৰ কিম ইজিয়ে শেষৰ দুটা শ্বটৰ পূৰ্বে ২২১.৮ স্ক’ৰ কৰিছিল। ফলত ০.১ স্ক’ৰত পিছ পৰি মনুয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। অৱশ্যে ভাৰতীয় শ্বুটিঙত তেওঁ এক নতুন ইতিহাসৰ সৃষ্টি কৰিলে।