NORTHEAST NOW (Assamese)
Popular Stories

অলিম্পিক পদক জয়ৰ দিশে ধাৱমান লাভলীনা বৰগোহাঁই; নৰৱেৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2024 4:43 pm

পেৰিছ ২০২৪ অলিম্পিকত নৰৱেৰ পুজিলিষ্ট চুনিভা হফষ্টাডক পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমকন্যা লাভলীনা বৰগোহাঁই-এ। লাভলীনাই দ্বিতীয়টো অলিম্পিক পদক নিশ্চিত কৰিবলৈ মাত্ৰ এটা জয় বাকী আছে।লাভলীনা বৰগোহাঁইয়ে দুবাৰৰ অলিম্পিক পদক বিজয়ী চীনৰ লি কিয়ানৰ বিৰুদ্ধে খেলিব। এছিয়ান গেমছৰ মহিলা ৭৫ কেজি ফাইনেলত লিৰ হাতত পৰাস্ত হৈছিল লাভলীনা।

উল্লেখ্য যে, মঙলবাৰে নৰ্থ পেৰিছ এৰিনাত জাম্বিয়াৰ পেট্ৰিক চিনেম্বাৰ হাতত পৰাস্ত হৈ পেৰিছ ২০২৪ অলিম্পিকত পুৰুষৰ ৫১ কেজি বক্সিং ইভেণ্টৰ পৰা বাহিৰ হয় ভাৰতৰ অমিত পাংহাল।

মহিলাৰ ৫৭ কেজি শাখাত টকিঅ’ ২০২০ৰ ৰূপৰ পদক বিজয়ী তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন ফিলিপাইনছৰ নেষ্টী পেটেচিঅ’ৰ হাতত পৰাস্ত হৈ জেইছমিন লেম্ব’ৰিয়াইও প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়।