ভগ্ন হ’ল অলিম্পিক বিজয়ৰ স্বপ্ন! চীনৰ লি কিয়ানৰ ওচৰত হাৰ মানিলে অসমৰ লাভলীনাই

বিষাদেৰে ছানি ধৰিছে অসমবাসীৰ মন। স্তব্ধ হ’ল দ্বিতীয় বাৰৰ বাবে লাভলীনা বৰগোহাঁইয়ে অলিম্পিকৰ পদক আজুৰি অনাৰ সপোন।
আজি পেৰিছ অলিম্পিকৰ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম ওজনৰ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ খেলুৱৈ লি কিয়ানৰ হাতত পৰাজয় বৰণ কৰে অসমকন্যা লাভলীনাই।
এই পৰাজয়ৰ পিছতেই অন্ত পৰে লাভলীনাই দ্বিতীয়বাৰৰ বাবে অলিম্পিকৰ পদক আজুৰি অনাৰ সপোন।
অৱশ্যে এতিয়াও ভাৰতৰ অলিম্পিক অভিযান অব্যাহত আছে। আজি গ্ৰেট ব্রিটেইনৰ বিৰুদ্ধে ১-১ (শ্বুটআউটত ৩-২) গ’লত ৰোমাঞ্চকৰ জয় লাভ কৰি ছেমি ফাইনেললৈ আগবাঢ়িছে ভাৰতীয় হকী দলটোৱে।
লগতে আন আন ইভেণ্টত শ্বুটাৰ বিজয়বীৰ সিদ্ধু আৰু অনিশ ভানৱালাই ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল পুৰুষৰ অৰ্হতাত আশাব্যঞ্জক আৰম্ভণি কৰি প্ৰথম পৰ্যায়ত ক্ৰমে পঞ্চম আৰু সপ্তম স্থান দখল কৰে।
উল্লেখ্য, চীনৰ লি কিয়ানে লাভলীনাক ৩০-২৭ পয়েন্টত পৰাস্ত কৰি ৪-১ পইণ্টৰ বিভক্ত সিদ্ধান্তৰে জয়লাভ কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে।