NORTHEAST NOW (Assamese)
অসম

থমকি ৰোৱা নাই কংগ্ৰেছ নেতাৰ পুত্ৰও : তেল চুৰিৰ চক্ৰৰে নাম সাঙোৰ নুৰুলনন্দনৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 4, 2024 8:40 pm
থমকি ৰোৱা নাই কংগ্ৰেছ নেতাৰ পুত্ৰও : তেল চুৰিৰ চক্ৰৰে নাম সাঙোৰ নুৰুলনন্দনৰ

অসৎ কাৰ্য সম্পাদন কৰি এইবাৰ আৰক্ষীৰ জালত পৰিছে কংগ্ৰেছ বিধায়কৰ পুত্ৰ।

নগাঁৱৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ফৰাজীৰ বিৰুদ্ধে উত্থাপন হৈছে তেল চুৰি আৰু সৰবৰাহৰ অভিযোগ।

জানিব পৰা মতে, ৰেজাউল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতা।

আৰক্ষীয়ে অভিযোগৰ ভিত্তিত আমনিৰ চুলুং অঞ্চলত চলি থকা তেল চুৰি চক্ৰটোৰে জড়িত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু দুখন গাড়ী জব্দ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে অভিযোগ পোহৰলৈ অহাৰ পৰাই ৰেজাউল পলাতক হৈ আছে। আৰক্ষীয়ে ৰেজাউলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনক জেৰা কৰি আৰক্ষীয়ে ৰেজাউলৰ লগত তেওঁলোকৰ আৰ্থিক লেনদেন থকাৰ কথা জানিব পাৰিছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ একাউন্টত লগত ৰেজাউলৰ ৬০ হাজাৰ টকা লেনদেন হোৱাৰ কথা জানিব পাৰিছে।

উল্লেখ্য যে গুৱাহাটীস্থিত ৰেজাউলৰ বাসগৃহত নিশাৰ ভাগত তালাচী চলাইছিল আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে ৰেজাউলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।