NORTHEAST NOW (Assamese)
দেশ

ভাৰতীয় ৰে’লৱেৰ হৈছে কি? এইবাৰ বিশাখাপট্টনম ষ্টেচনত দপদপাই জ্বলি উঠিল কোৰবা এক্সপ্ৰেছ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 4, 2024 7:45 pm
ভাৰতীয় ৰে’লৱেৰ হৈছে কি? এইবাৰ বিশাখাপট্টনম ষ্টেচনত দপদপাই জ্বলি উঠিল কোৰবা এক্সপ্ৰেছ

দেশত আকৌ সংঘটিত হৈছে আন এটা ৰে’ল দুৰ্ঘটনা।

দেওবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত কোৰবা এক্সপ্ৰেছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। কোৰবা-বিশাখাপট্টনম এক্সপ্ৰেছৰ তিনিটা এচি কম্পাৰ্টমেণ্ট অগ্নিকাণ্ডত দাউদাউকৈ জ্বলি উঠে।

জানিব পৰা মতে, B6, B7, M1 ডবা তিনিটা এই জুয়ে আগুৰি ধৰে।


এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল সেই সম্পৰ্কে এতিয়াও জানিব পৰা নাই।

মুঠৰ ওপৰত জুইৰ বগা ধোঁৱাই ঢাকি ধৰিল বিশাখাপট্টনম ৰেল ষ্টেশ্যন। এই জুই লগাৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে তাৎক্ষণিক প্ৰচেষ্টা চলায়। জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।

ৰে’লখনৰ যাত্ৰীসকলে জনোৱা মতে, ৰে’লখন বিশাখাপট্টনমৰ ৪ নম্বৰ প্লেটফৰ্মত ৰৈ আছিল। হঠাতে বি-৭ ডবাৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে। ধোঁৱা দেখি যাত্ৰীসকল তৎক্ষণাত নামি আহে যদিও ক্ৰমাৎ জুয়ে তিনিটাকৈ ডবা আগুৰি ধৰে।

সূত্ৰ অনুসৰি ৰে’লখন বিশাখাপট্টনমৰ পৰা তিৰুপতীলৈ যোৱাৰ কথা আছিল।

স্বাভাৱিকতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে আতংকিত হৈ পৰিছে যাত্ৰীসকল। অৱশ্যে যাত্ৰীসকল তেওঁলোকৰ গন্তব্যস্থানলৈ যোৱাৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে।