NORTHEAST NOW (Assamese)
Popular Stories

কি হ’ল বিনোদ কাম্বলিৰ? খোজ দিবই পৰা নাই, কিয় এই অৱস্থা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ! চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 6, 2024 12:08 pm

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ এয়া কি অৱস্থা! এসময়ত শচীন টেণ্ডুলকাৰৰ লগত নিবিড় বন্ধুত্ব আছিল। সেই বিনোদ কাম্বলীয়ে ভালকৈ খোজ দিবই পৰা নাই। হয়, তেওঁ সম্পূৰ্ণ অচল হৈ পৰিছে। ভালকৈ থিয়ই দিব নোৱাৰে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।

উল্লেখ্য যে মুম্বাইৰ এই বাওঁহতীয়া ক্ৰিকেটাৰগৰাকীয়েও স্কুল ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ সৈতে অভিলেখ গঢ়িছিল। আনকি, টেষ্ট ক্ৰিকেটতো তেওঁৰ ১০৮৪ ৰান আছে। লগতে বিনোদ কাম্বলিয়ে এদিনীয়াত ২৪৭৭ ৰান সংগ্ৰহ কৰিছে। কেৱল সেয়াই নহয়, প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ ৯৯৬৫ ৰান। যদিও কাম্বলী বৰ বেছি দিন ক্ৰিকেট জগতত নাছিল।

লগতে পঢ়কঃ অলিম্পিকত ইতিহাস! অভিলেখ গঢ়ি ৩০০০ মিটাৰ ষ্টীপলচেজৰ ফাইনেলত ভাৰতৰ অৱিনাশ

তেওঁৰ জীৱন-যাপনৰ কথা আগতেও কেইবাবাৰো চৰ্চিত হৈছে। আৰু এইবাৰ তেওঁক ৰাস্তাত এনে অসহায় অৱস্থাত দেখা গ’ল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে তেওঁৰ এটা ভিডিঅ’। দেখা গৈছে যে এইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে  বাইকখন সঠিকভাৱে ষ্টাৰ্ট কৰিবলৈ সক্ষম হোৱা নাই। বহুতে তেওঁ সুৰাপান কৰি মাতাল হৈ থকা বুলিও মন্তব্য কৰিছে।

বাইকখন কেনেবাকৈ ধৰি তেওঁ থিয় হৈ আছে। তেনেতে ওচৰতে থিয় হৈ থকা দুজন মানুহে বিনোদ কম্বালীৰ অৱস্থা দেখি আগবাঢ়ি আহিল। এজনে বাওঁহাতখন আৰু আনজনে সোঁহাতখন ধৰিছে।

ইয়াৰ পিছত থৰকবৰক কাম্বলীক কোনোমতে আনি বহিবলৈ দিলে। খোজ কাঢ়িব পৰা অৱস্থাত তেওঁৰ একেবাৰেই নাছিল। কিন্তু এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ এই অৱস্থা দেখি নেটিজেনৰ চকু কপালত উঠিছে।

প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীক এনেদৰে ৰাজপথত অচল অৱস্থাত দেখিব বুলি বোধহয় কোনেও আশা কৰা নাছিল। তেওঁৰ এনে অৱস্থা আছিল যে তেওঁ ভালকৈ থিয়ই দিব পৰা নাছিল। বাকীবোৰে আগবাঢ়ি আহি তেওঁক সহায় কৰাতহে তেওঁক লৈ অনা সম্ভৱ হ’ল।