NORTHEAST NOW (Assamese)
অসম

বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ সকলো জিলাতে হাই এলাৰ্ট জাৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 6, 2024 10:49 am
বাংলাদেশৰ সীমান্তৱৰ্তী অসমৰ সকলো জিলাতে হাই এলাৰ্ট জাৰি

শেহতীয়াকৈ চুবুৰীয়া দেশখনত সৃষ্টি হোৱা অশান্তিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বাংলাদেশৰ সীমান্তৱৰ্তী সকলো জিলাতে “হাই এলাৰ্ট” জাৰি কৰিছে।

অসমৰ কৰিমগঞ্জ, কাছাৰ, ধুবুৰী, আৰু দক্ষিণ শালমাৰা-মানকাচৰকে ধৰি বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ সীমান্ত থকা জিলাসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়কঃ হাছিনাই দেশ এৰি গ’লেও বন্ধ হোৱা নাই হিংসা; অস্থিৰ বাংলাদেশত এদিনতে মৃত্যু ১৩৫জনৰ!

‘আমি সীমান্তৱৰ্তী সকলো জিলাক হাই এলাৰ্টত থাকিবলৈ সতৰ্ক কৰি দিছো। আমি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সীমান্তৰ পৰিস্থিতি ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিবলৈ কৈছো।’-এজন বিষয়াই পিটিআইক এইদৰে কয়।

বাংলাদেশত হিংসাত্মক অশান্তিৰ পিছতে এই উচ্চ সতৰ্কতা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ আৰু প্ৰস্থানৰ পিছতে অস্থিৰতা শিখৰত উপনীত হৈছে।

লগতে পঢ়কঃ হাছিনা বাংলাদেশ এৰি যোৱাৰ লগে লগে মুকলি কৰি দিয়া হ’ল খালেদা জিয়াক

এই পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই সীমান্ত সুৰক্ষা বাহিনীয়েও সমগ্ৰ ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত “হাই এলাৰ্ট” জাৰি কৰিছে।