NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আগ্নিগৰ্ভা বাংলাদেশ : দুদিনলৈ বন্ধ থাকিব বাংলাদেশৰ উচ্চ আৰু উচ্চতম ন্যায়ালয়

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 6, 2024 6:45 pm

বাংলাদেশৰ অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ বাবে বুধবাৰ আৰু বৃহস্পতিবাৰে বাংলাদেশৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

উচ্চতম ন্যায়ালয়ৰ জনসংযোগ বিষয়া ছফিকুল ইছলামে মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে সোমবাৰে নিশা এক অধিসূচনাযোগে উচ্চতম ন্যায়ালয়ৰ জনসংযোগ বিষয়াই কয় যে মঙলবাৰৰ পৰা নিম্ন ন্যায়ালয়ৰ কাৰ্য্যবিধি স্বাভাৱিকভাৱে চলি থাকিব। উচ্চতম ন্যায়ালয়ৰ দুয়োটা বিভাগকে বুধবাৰৰ পৰা কাম আৰম্ভ কৰিবলৈও অৱগত কৰা হয়। কিন্তু মঙলবাৰে বিয়লি উচ্চতম ন্যায়ালয়ৰ জনসংযোগ বিষয়া ছফিকুল ইছলামে নতুন বিবৃতি প্ৰকাশত এক চাঞ্চল্যৰ সৃষ্টি হয়। বাংলাদেশত ক্ৰমান্বয়ে হিংসাৰ পৰিস্থিতি বৃদ্ধি পোৱাত এই সিদ্ধান্ত লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে।

প্ৰসংগক্ৰমে, কোটা বিৰোধী আন্দোলনৰ বাবে বিগত কেইমাহমানৰ পৰা অস্থিৰ হৈ আছে বাংলাদেশ। উচ্চতম ন্যায়ালয়ে প্ৰতিবাদকাৰীৰ দাবী মানি লৈ কোটা বাতিলৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত আন্দোলনটো অলপ শান্ত হ’ল যদিও বৈষম্য বিৰোধী ছাত্র আন্দোলনৰ শীর্ষ নেতৃত্বই পুনৰ আন্দোলনত যোগ দি প্রধানমন্ত্রী হাছিনাৰ পদত্যাগ দাবী কৰে৷

যোৱা শনিবাৰৰ পৰা বাংলাদেশত সৃষ্টি হৈছে এক নতুন অগ্নিময় পৰিস্থিতি। এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীয়ে সোমবাৰে বিয়লি ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি বিশেষ বিমানেৰে দেশ এৰি গুচি যায়। তাৰ পিছত পৰিস্থিতি শান্ত হ’ব বুলি ভবা হৈছিল যদিও সোমবাৰে নিশা উচ্চতম ন্যায়ালয়ে আদালতখন বন্ধ কৰিবলৈ অধিসূচনা জাৰি কৰে।

দৰাচলতে অগ্নিময় পৰিস্থিতিৰ বাবেই যোৱা দেওবাৰে নিশা পঞ্জীয়ক-মহাপঞ্জীয়ক আজিজ আহমেদে এক বিবৃতিত কয় যে সোমবাৰৰ পৰা বাংলাদেশৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব।

জৰুৰী প্ৰয়োজন হ’লে দেশৰ মুখ্য ন্যায়াধীশে যিকোনো আদালত আৰু ন্যায়াধিকৰণে কাৰ্য্যবিধি চলাবলৈ নিৰ্দেশ দিব। পিছত সিদ্ধান্ত সলনি হ’লেও আগন্তুক ৪৮ ঘণ্টাৰ বাবে আদালত বন্ধ থাকিব বুলি ঘোষণা কৰা হয়।