NORTHEAST NOW (Assamese)
Popular Stories

১০০ বিলিয়নাৰ ক্লাৱত প্ৰৱেশ কৰিলে মাৰ্ক জুকাৰবাৰ্গে : বিশ্বৰ কেই নম্বৰ ধনাঢ্য ব্যক্তি জুকাৰবাৰ্গ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 3:16 pm
index.jpg1

ফেইচবুক কো-ফাউণ্ডাৰ তথা চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে ১০০ বিলিয়নাৰ সম্পদৰ গৰাকীৰ তালিকাত নিজৰ নাম অন্তভুৰ্ক্ত কৰিছে।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ প্ৰকাশ কৰা শেহতীয়া তলিকাত মাৰ্ক জুকাৰবাৰ্গে কেৱল ১০০ বিলিয়নাৰ সম্পদৰ গৰাকী ক্লাৱতেই প্ৰৱেশ কৰা নাই, তেওঁ বিশ্বৰ তৃতীয় গৰাকী ধনী ব্যক্তি চিহাপে পৰিগণিত হৈছে।

ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানিকো তেওঁ চেৰ পেলাইছে এই যাত্ৰাত।

৩৬ বৰ্ষীয় জুকাৰবাৰ্গৰ মুঠ সম্পদৰ পৰিমাণ হৈছে ১০২ মাৰ্কিন বিলিয়ন।

উল্লেখ্য যে, ১৮৭ মাৰ্কিন বিলিয়ন সম্পদেৰে এমাজনৰ বীফ বেজ’ছে বিশ্ব সৰ্বাধিক ধনাঢ্য ব্যক্তিৰূপে পৰিগণিত হোৱাৰ বিপৰীতে মাইক্ৰছ’ফ্টৰ বিল গেটছে ১২১ মাৰ্কিন বিলিয়নেৰে বিশ্ব দ্বিতীয় সৰ্বাধিক ধনাঢ্য ব্যক্তিৰূপে চিহ্নিত হৈছে।

ইফালে ৮০.৬ মাৰ্কিন বিলিয়ন সম্পদেৰে ভাৰতীয় উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানি বিশ্বৰ চতুৰ্থ গৰাকী সৰ্বাধিক ধনাঢ্য ব্যক্তিৰূপে পৰিগণিত হৈছে।

তলত দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ শেহতীয়াকৈ প্ৰকাশ কৰা বিশ্বৰ প্রথম দহ গৰাকী ধনাঢ্য ব্যক্তিৰ নাম আৰু সম্পদৰ তালিকা দিয়া হ’ল।

 ধনাঢ্য ব্যক্তিৰ নাম
মুঠ সম্পদ
১) জীফ্ বেজ’ছ ১৮৭ মাৰ্কিন বিলিয়ন
২) বিল গেটছ ১২১ মাৰ্কিন বিলিয়ন
৩) মাৰ্ক জুকাৰবাৰ্গ ১০২ মাৰ্কিন বিলিয়ন
৪) মুকেশ আম্বানি ৮০.৬ মাৰ্কিন বিলিয়ন
৫) বেৰ্নাৰ্ড এৰ্নাল্ট ৮০.২ মাৰ্কিন বিলিয়ন
৬) ৱাৰেন বুফেট ৭৯.২ মাৰ্কিন বিলিয়ন
৭) ষ্টীভ বালমাৰ ৭৬.৪ মাৰ্কিন বিলিয়ন
৮) লাৰী পেইজ ৭১.৩ মাৰ্কিন বিলিয়ন
৯) চাৰ্গে ব্ৰীন ৬৯.১ মাৰ্কিন বিলিয়ন
১০) এলন মুস্ক ৬৮.৭ মাৰ্কিন বিলিয়ন