NORTHEAST NOW (Assamese)
অসম

অসমত নহ’ল, গুৱাহাটীৰ বিশ্ব সন্মিলনত পোৱা জ্ঞানেৰে মণিপুৰত স্থাপন সৌৰশক্তিচালিত শৌচালয়

Posted by: এন ই নাও নিউজ May 19, 2018 5:46 pm
solar toilet in manipur

মণিপুৰত মুকলি কৰা হৈছে উত্তৰ-পূবৰ প্ৰথমটো সৌৰশক্তিচালিত শৌচালয় ( solar toilet )। মণিপুৰৰ ইবুধৌ মাৰ্জিং হিল হেইঙাঙত দেশৰ ভিতৰৰ এই তৃতীয়টো সৌৰশক্তিচালিত শৌচালয় উদ্বোধন কৰে ৰাজ্যখনৰ পৰ্য্যটন সঞ্চালক ৱাইখম ইব’হালে।

গুৱাহাটীৰ শেহতীয়া বিশ্ব সন্মিলনত লগ পোৱা এগৰাকী উদ্যোগীৰ পৰা এই প্ৰযুক্তিৰ বিষয়ে জানিবলৈ পাই তেওঁলোকে মণিপুৰত ইয়াৰ আৰম্ভ কৰা বুলি উদ্বোধনী ভাষণত জনাই সঞ্চালকজনে।

ইব’হালে কয় যে ‘ই যদি সফল হয়, তেন্তে মণিপুৰৰ প্ৰত্যেকটো পৰ্য্যটন ক্ষেত্ৰতে এনে শৌচালয় স্থাপন কৰা হ’ব।’

এই শৌচালয়টো মুকলি কৰাৰ লগে লগে তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যৰ সৈতে একে শাৰীত অন্তৰ্ভুক্ত হ’ল মণিপুৰ।

ইম্ফল ফ্ৰী প্ৰেছৰ বাতৰি মতে অহা ২ অক্টোবৰৰ পূৰ্বে মণিপুৰত এনে প্ৰায় ১০০টা শৌচালয় স্থাপন কৰা হ’ব।

এই সৌৰশক্তিচালিত শৌচালয় স্থাপনকাৰী কোম্পানিটোৰ প্ৰতিষ্ঠাপক ৰৱি চেনজিয়ে জনাই ‘উপেক্ষিত আৰু ৰাজহুৱা স্থানসমূহত আমি এই সৌৰশক্তিচালিত শৌচালয়সমূহ স্থাপন কৰাৰ চেষ্টা কৰি আছো।’