NORTHEAST NOW (Assamese)
অসম

বাঙালী সকলক তুচ্ছ তাচ্ছিল্য কৰা বিজেপি দলক ভাৰতবৰ্ষৰ পৰা উৎখাত কৰক: ৰবীন্দ্ৰ বিশ্বাস

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক November 24, 2020 6:49 am
IMG_20201123_160833

সমগ্ৰ ভাৰতবৰ্ষতেই বিজেপিক উৎখাত কৰিব লাগে আৰু বিজেপি উৎখাত অভিযান বাক্সা  জিলাৰ নাগ্ৰীজুলিৰ পৰাই আৰম্ভ হওঁক। এই ভাষ্য ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসৰ।

তেওঁ কয় যে ভাৰতৰ স্বাধীনত আন্দোলনত বাঙালী লোক সকলৰো বিশেষ অৱদান আছিল। বৃটিছক খেদি ভাৰত স্বাধীন কৰাৰ বাবে বাঙালী লোক সকলে আত্ম বলিদান দিছিল। কিন্তু সেই বাঙালী সকলক আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে উঁই পোক বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰি উপলুঙা কৰিছে।

সোমবাৰে আবেলি নাগ্ৰীজুলিৰ কোম্পানিবাৰী চ’কত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি ৰবীন্দ্ৰ বিশ্বাস বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি ক্ষেম বাহাদুৰ থাপাৰ পৌৰাহিত্যত অনুস্থিত নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ নাগ্ৰীজুলি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ধৰ্মনাৰায়ন দাসক তীব্ৰ সমালোচনা কৰি বক্তব্য আগবঢ়ায়।

তেওঁ কয় যে বিগত পাঁচটা বছৰত বিজেপি দলৰ পৰা এমচিএলএ হিচাপে নিৰ্বাচিত হৈও ৰাইজক প্ৰৱঞ্চনাৰ বাহিৰে একো দিব নোৱাৰিলে। তেনে এক প্ৰাৰ্থীক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিপিএফ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীৰ সপক্ষে মানুহ ওলাই আহিছে।

বিজেপিক সাম্প্ৰদায়িক দল বুলি আখ্যা দি বিটিচিৰ ৰাইজে বিজেপিৰ দৰে সাম্প্ৰদায়িক দলক এইবাৰ প্ৰশ্ৰয় নিদিয়ে আৰু বিজেপি দলে বিটিচি দখল কৰিব নোৱাৰে বুলি মন্তব্য কৰে।

মন্ত্ৰী হিমন্ত বিশ্বকে আদি কৰি বহু মন্ত্ৰী বিধায়কে আহি বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও বিটিচিৰ ৰাইজে বিজেপি দলক প্ৰত্যাখ্যান কৰিছে আৰু বিটিচি নিৰ্বাচনত  বিপিএফ দল আৰু দলৰ সমৰ্থিত প্ৰাৰ্থীক নিৰ্বাচিত  কৰিব বুলি বক্তব্য ৰাখি এইবাৰো ৰাইজে বিপিএফ দলকেই ভোট দি চতুৰ্থবাৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলকেই বিটিচিত চৰকাৰ গঠন কৰিবলৈ সহায় কৰিব বুলিও ৰবীন্দ্ৰ বিশ্বাসে সভাত উদাত্ত কণ্ঠে ভাষণ ৰাখে।

বিপিএফ ত্যাগ কৰি বিজেপি দললৈ অহা ৰাজসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী আৰু তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীকো তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰবীন্দ্ৰ বিশ্বাসে দুই গৰাকী নেতাক দুৰ্নীতিগ্ৰস্ত নেতা হিচাপে অভিহিত কৰে।

সোমবৰৰ সভাত বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰেও সভাত অংশ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ দিনত বিটিচি অঞ্চলত উন্নয়ন হোৱা বুলি কৈ উন্নয়নৰ খতিয়ান দাঙি ধৰে।

বিপিএফ দলেই পুনৰ চতুৰ্থবাৰৰ বাবে  বিটিচিত  চৰকাৰ গঠন কৰিব বুলি দাবী জনাই ৰাইজৰ উন্নয়নৰ স্বাৰ্থত পুনৰবাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ প্ৰাৰ্থী আৰু নাগ্ৰীজুলি সমষ্টিত বিপিএফ সমৰ্থিত প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসক ভোট দিবলৈও জগদীশ সৰকাৰে ৰাইজক আহ্বান জনায়।

সভাত উপস্থিত থাকি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানেও ৰবীন্দ্ৰ বিশ্বাসৰ সমৰ্থনত ভাষণ ৰাখি বিপিএফ দলৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

এই সভাত অঞ্চলটোৰ সমাজকৰ্মী চক্ৰ বাহাদুৰ চৌহান, ফুলকুমাৰ বিশ্বাস, শংকৰ সূত্ৰধৰ, অখিল মণ্ডলকে আদি কৰি ভালে সংখ্যক বিপিএফ নেতা আৰু সমাজকৰ্মী উপস্থিত থাকে।