NORTHEAST NOW (Assamese)
Popular Stories

মনীষ ছিছ’দিয়াৰ জামিন লাভত উৎফুল্লিত আপৰ সংবাদমেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2024 5:42 pm

দিল্লী চৰকাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ অন্যতম শীৰ্ষ নেতা মনীষ ছিছ’দিয়াক তথাকথিত দিল্লীৰ আবকাৰী অনিয়মৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ে জামিনত মুক্তি দিয়ে।

ছিছ’দিয়াৰ জামিন লাভত উৎফুল্লিত আপ, অসমৰ নেতৃত্বই দলৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত কেক কাটি আনন্দ উদযাপন কৰে। এই উপলক্ষে আয়োজিত এক সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, “আপৰ নেতা- কৰ্মী সকলৰ বাবে আজি আনন্দৰ দিন।

সুদীৰ্ঘ প্ৰায় ডেৰ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে বিনা বিচাৰে আমাৰ নেতা মনীষ ছিছ’দিয়াক কাৰাৰুদ্ধ কৰি ৰাখিছিল । অৱশেষত চৰকাৰৰ ষড়যন্ত্ৰ ফাদিল হ’ল। উচ্চতম ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশক আমি আদৰণি জনাইছোঁ।” সংবাদমেলত আপৰ আন এগৰাকী নেতা ৰমেন বৰঠাকুৰে ইডি আৰু চিবিআইৰ ক্ষমতাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে মত প্ৰকাশ কৰে।

মনীষ ছিছ’দিয়াৰ জামিনৰ দৰেই শীঘ্ৰেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আপৰ আন এগৰাকী নেতা সত্যেন্দ্ৰ জৈনেও শীঘ্ৰেই কাৰাগাৰৰ বাহিৰলৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰে। বৰঠাকুৰে কয়, “সত্যৰ সদায় জয়।

আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, সত্যেন্দ্ৰ জৈনকো কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে ভুৱা গোচৰত কাৰাবন্দী কৰি ৰাখিছে। আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙ, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ দৰেই তেওঁলোকেও অচিৰেই জামিন লাভ কৰিব। ” আপৰ যুৱ নেতা নীলমণি শইকীয়াই ছিছ’দিয়াৰ জামিন লাভত কেক কাটি সকলোৰে মাজত বিতৰণ কৰে।