NORTHEAST NOW (Assamese)
Popular Stories

কাজিৰঙাৰ ভূমি আন্দোনৰ নেতাৰ ওপৰত আক্ৰমণ; আক্ৰমণকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কৃষক সভা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2024 7:13 pm

কাজিৰঙাৰ হাতিখুলিৰ ইংলে পথাৰৰ ৪৫ টা দৰিদ্ৰ অধিবাসী পৰিয়ালৰ ৬০ বিঘা ভূমি অসম চৰকাৰৰ পৰ্যটন বিভাগে হায়াট গ্ৰুপৰ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত দখলৰ প্ৰতিবাদ জনাই অহা বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি আৰু উচ্ছেদিত ৰাইজৰ ওপৰত কালি হত্যাৰ উদ্দশ্যেৰে আক্ৰমণ চলোৱা কাৰ্য্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্য পৰিষদে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নিখিল ভাৰত কৃষক সভা অসম ৰাজ্য পৰিষদৰ সভাপতি গিৰীন্দ্ৰ প্ৰসাদ উপাধ্যায় আৰু ভাৰপ্ৰাপ্ত সম্পদক জয়ন্ত গগৈয়ে কয় যে, কালি প্ৰস্তাৱিত হায়াট হোটেল প্ৰকল্পৰ বাবে ভূমিহীনত পৰিণত হোৱা ৪৫টা পৰিয়ালৰ সাক্ষ্য সংগ্ৰহৰ বাবে ৰঙাজানলৈ যোৱা কাজিৰঙা ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ মনোহৰ পেগু আৰু ঋতুপর্ণ পেগুক ১০০ জনৰো অধিক লোকে ঘেৰি ধৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে।

আক্ৰমণকাৰীয়ে নেতা দুগৰাকীক গাঁৱৰ পৰা ওলাই যাবলৈ বাধা দিয়াৰ লগতে সুৰক্ষা সমিতিৰ অন্যতম নেতা প্ৰণৱ দলেৰ গাড়ীখনৰ ক্ষতিসাধন কৰে। প্ৰস্তাৱিত হায়াট হোটেল এণ্ড ৰিজ’ৰ্টৰ বাবে ভূমি অধিগ্ৰহণৰ বলি হোৱা কৃষকসকলৰ ভিতৰৰ মৃণালী গোৱালা আৰু তেওঁৰ কন্যাক তেওঁলোকৰ ঘৰত আক্ৰমণ কৰে।

মৃণালী গোৱালা আৰু তেওঁৰ কন্যাৰ সাক্ষীৰ বক্তব্য লোৱাৰ পৰিৱৰ্তে বোকাখাত আৰক্ষীয়ে মৃনালি আৰু তেওঁৰ কন্যাক লগত লৈ চিকিৎসালয়লৈ যোৱা আন এগৰাকী কৃষক গীতা গোৱালাক গ্ৰেপ্তাৰ কৰে।

দৰিদ্ৰ অধিবাসী কৃষকৰ ভূমি বনিয়া গোষ্ঠীক হস্তান্তৰ কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত আক্ৰমণকাৰী সকল আৰু পুলিচ প্ৰশাসনৰ এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনতিবিলম্বে গীতা গোৱালা, মনোহৰ পেগু, ঋতুপর্ণ পেগু, সৌৰভ পাটগিৰি আৰু শুভমক বোকাখাত আৰক্ষীয়ে মুকলি কৰি দিয়াৰ দাবী জনাইছোঁ। লগতে মিনালি গোৱালা আৰু তেওঁৰ কন্যা, মনোহৰ পেগু আৰু ঋতুপন পেগুৰ ওপৰত আক্ৰমণ কৰা সকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি সাধাৰণ ৰাইজক কৰা আক্ৰমণৰ বিৰুদ্ধে নিৰপেক্ষ তদন্তৰ দাবী জনাইছো।