NORTHEAST NOW (Assamese)
অসম

কোন দিশে ভাৰত-বাংলাদেশৰ সম্পৰ্ক! প্ৰথমবাৰৰ বাবে মুখ খুলিলে চুবুৰীয়া দেশখনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2024 12:08 pm

শ্বেখ হাছিনাৰ শাসনকালত ভাৰত-বাংলাদেশৰ সম্পৰ্ক অতি মধুৰ আছিল। কিন্তু তেওঁৰ দেশ ত্যাগৰ পিছত বাংলাদেশৰ পৰিস্থিতি সলনি হৈছে। নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হৈছে মহম্মদ ইউনুছ। স্বাভাৱিকতে এই অস্থিৰ পৰিস্থিতিত ভাৰত-বাংলাদেশৰ সম্পর্ক কোন দিশে গতি কৰিব তাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷

ইয়াৰ মাজতে দেওবাৰে বাংলাদেশে দুয়োখন দেশৰ সম্পৰ্কক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা তৌহিদ হোছেইনে ‘সন্দেহ’ প্ৰকাশ কৰিয়েই ভাৰতৰ সৈতে সুসম্পৰ্কৰ বাৰ্তা প্ৰদান কৰে।

মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণৰ পিছত ভাৰতে তেওঁক অভিনন্দন জনোৱাৰ লগতে সুসম্পৰ্কৰ বাৰ্তা প্ৰদান কৰিছিল।

ইয়াৰ পাছত দেওবাৰে ভাৰত-বাংলাদেশৰ সম্পর্ক সন্দর্ভত সংবাদ মাধ্যমৰ আগত তৌহিদে কয় যে, “মই ভাবো ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজৰ সম্পর্ক অতি ঘনিষ্ঠ আছিল৷ কিন্তু ইয়াত এটা কথা, সেই সম্পৰ্কৰ সোণালী অধ্যায়টোৱে মানুহৰ মনত কিমান প্ৰভাৱ পেলালে, সেই সম্পৰ্কে মোৰ সন্দেহ আছে।”

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে এগৰাকী বধিৰ নাৰীয়ে লাভ কৰিলে মিছ দক্ষিণ আফ্ৰিকাৰ খিতাপ

তেওঁ লগতে কয়, “আমি কেৱল দুয়োখন দেশৰ চৰকাৰৰ মাজতে নহয়, এই ভাল সম্পৰ্ক দুয়োখন দেশৰ জনসাধাৰণৰ মাজতো গঢ়ি তুলিবলৈ চেষ্টা কৰিম। বাংলাদেশীসকলে যাতে ভাৰতক ঘনিষ্ঠ বন্ধু হিচাপে গণ্য কৰে। আমি সম্পৰ্কটোক সেই দিশলৈ লৈ যাব বিচাৰো আৰু ভাৰতে আমাক সহায় কৰাটো বিচাৰিম। কাৰো সৈতে বেয়া সম্পৰ্ক ৰাখিব নিবিচাৰো।”

অৱশ্যে তৌহিদে কেৱল ভাৰতৰ কথাই নহয় চীনৰ বিষয়েও মুখ খোলে। তেওঁ কয়, “আমি ভাৰতৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাৰ দৰে চীনৰ সৈতেও সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিম। আমি অতীততো এই সুষম সম্পৰ্ক বজাই ৰাখিছো। আমেৰিকাকে ধৰি পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতেও আমি ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰো। ইতিমধ্যে বহুতৰে পৰা আমি সমৰ্থন লাভ কৰিছো।”

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা তৌহিদ হোছেইনে লগতে কয় যে নতুন চৰকাৰে মানৱ অধিকাৰকো যথেষ্ট গুৰুত্ব দিব।

লগতে পঢ়কঃ পেৰিছত অন্তিম ইভেণ্টত স্বৰ্ণ জয়েৰে অলিম্পিকৰ পদক তালিকাত চীনক অতিক্ৰমি শীৰ্ষত আমেৰিকা

উল্লেখ্য যে বাংলাদেশৰ মুখ্য উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহম্মদ ইউনুছক অভিনন্দন জনাইছিল। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছিল, “মহাম্মদ ইউনুছক নতুন দায়িত্বৰ বাবে অভিনন্দন। আশা কৰোঁ বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক হ’ব। আৰু দুয়োখন দেশৰ শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে ভাৰতে বাংলাদেশৰ সৈতে মিলি কাম কৰিব।”

তাৰ পিছত তেওঁ লিখিছিল, ‘আমি আশা কৰোঁ যে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত হ’ব।” ভাৰতৰ বাৰ্তাৰ পিছত এইবাৰ  দুই দেশৰ কূটনৈতিক সম্পৰ্কক লৈ বাংলাদেশৰ ফালৰ পৰা প্ৰথম বাৰ্তা আহিল।