NORTHEAST NOW (Assamese)
অসম

আদানীৰ বাবেই! বাংলাদেশলৈ ৰপ্তানিৰ বাবে নিৰ্মাণ কৰা আদানীৰ বিদ্যুৎকেন্দ্ৰৰ বিদ্যুৎ ভাৰততো বিক্ৰীৰ অনুমতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2024 10:57 am

বাংলাদেশলৈ এশ শতাংশ ৰপ্তানিৰ বাবে নিৰ্মিত আদানী বিদ্যুৎ কেন্দ্ৰৰ পৰা উৎপাদিত বিদ্যুৎ ভাৰততো বিক্ৰীৰ অনুমতি দি বিদ্যুৎ ৰপ্তানিৰ নিয়ম সংশোধন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১৬০০ মেগাৱাট কয়লা চালিত গোড্ডা বিদ্যুৎ কেন্দ্ৰটো ঝাৰখণ্ডত অৱস্থিত।

সোমবাৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ ইয়াৰ সৈতে জড়িত এক নথি সংবাদ সংস্থাৰ হাতলৈ আহিছে। তাত দেখা যায় যে ‘কেৱল এখন চুবুৰীয়া দেশ’ক বিদ্যুৎ যোগান ধৰা ২০১৮ চনৰ নিৰ্দেশনা সংশোধন কৰা হৈছে। ফলত বাংলাদেশত ৰাজনৈতিক সংকট হ’লে কোম্পানীটো আৰ্থিক লোকচানৰ পৰা ৰক্ষা পৰিব।

নথিখনৰ মতে, ভাৰত চৰকাৰে পূৰ্ণ বা আংশিক উৎপাদন ক্ষমতা ব্যৱহাৰ নোহোৱা পৰিস্থিতিৰ সৃষ্টি হ’লে বিদ্যুৎ বিক্ৰীৰ সুবিধাৰ বাবে ভাৰত চৰকাৰে এনে বিদ্যুৎ কেন্দ্ৰৰ ট্ৰেন্সমিছন লাইন ভাৰতীয় গ্ৰীডৰ সৈতে সংযোগ কৰাৰ অনুমতি দিব পাৰে।

লগতে পঢ়কঃ প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক লৈ কেন্দ্ৰক প্ৰশ্ন NGTৰ

চৰকাৰী চাকৰি কোটা সংস্কাৰক লৈ প্ৰতিবাদৰ মাজতে দীৰ্ঘদিন ক্ষমতাত থকা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি বাংলাদেশ এৰি যোৱাৰ প্ৰায় এসপ্তাহৰ পাছত ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সংশোধনীৰ ফলত যিবোৰ প্ৰকল্পৰ কেৱল ৰপ্তানিৰ চুক্তি আছে, সেইবোৰো ভৱিষ্যতে লাভৱান হ’ব পাৰে।

ভাৰত চৰকাৰে অনা এই নতুন সংশোধনীত আনকি ধন পৰিশোধ কৰাত পলম হ’লেও ঘৰুৱা (ভাৰতীয়) ট্ৰেন্সমিছন লাইনত বিদ্যুৎ বিক্ৰীৰ সম্ভাৱনা ৰখা হৈছে।

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ২০২৩ চনৰ জুলাই মাহত বিদ্যুৎ কেন্দ্ৰটো সম্পূৰ্ণ উৎপাদন আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে শ্বেখ হাছিনাক সাক্ষাৎ কৰিছিল। সেই সময়ত এই শক্তি কেন্দ্ৰটোক ‘ভাৰত-বাংলাদেশৰ সহযোগিতাৰ উজ্জ্বল উদাহৰণ’ বুলি কোৱা হৈছিল।

লগতে পঢ়কঃ দেশৰ সকলো ব্ৰেণ্ডেড নিমখ আৰু চেনিতে আছে মাইক্ৰ’প্লাষ্টিক! গৱেষণাত উদ্বেগজনক তথ্য

আদানী গ্ৰুপৰ এগৰাকী মুখপাত্ৰই মঙলবাৰে কয় যে এই সংশোধনে ভাৰতত বিদ্যুতৰ সামগ্ৰিক উপলব্ধতা বৃদ্ধি কৰাত সহায় কৰিব আৰু সমগ্ৰ দেশতে বিদ্যুতৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব।