NORTHEAST NOW (Assamese)
Popular Stories

ছত্তীশগড়ত জনজাতীয় যুৱতীক দলবদ্ধ ধৰ্ষণ; গ্ৰেপ্তাৰ ৬ জন, পলাতক ২ জন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 21, 2024 4:35 pm

আৰ জি কৰ গোচৰক লৈ সমগ্ৰ দেশ যেতিয়া অস্থিৰ হৈ পৰিছিল তেতিয়া ছত্তীশগড়ৰ ৰায়গড় জিলাত এগৰাকী জনজাতীয় যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ৰাখীৰ দিনা ২৭ বছৰীয়া যুৱতীগৰাকী স্থানীয় মেলালৈ গৈছিল। ঘৰলৈ উভতি আহোঁতে ৮ জন লোকে ধৰ্ষণ কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।

পুছাউৰ থানা এলেকাত ৰাখী বন্ধন উৎসৱ পালন কৰি মেলালৈ গৈছিল যুৱতীগৰাকী। মঙলবাৰে আৰক্ষীয়ে অভিযুক্তক তেওঁৰ অভিযোগৰ ভিত্তিত ধৰ্ষণকাৰী বুলি গ্ৰেপ্তাৰ কৰে। যুৱতীগৰাকীয়ে তেওঁৰ বাট বন্ধ কৰি বলপূৰ্বকভাৱে পুখুৰীৰ দাঁতিলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰে। তাত এজন এজনকৈ যুৱতীগৰাকীক ধৰ্ষণ কৰা হৈছিল।

ভাৰতীয় দণ্ডবিধিৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই ঘটনাক গৰিহণা দি জনজাতীয় সমাজৰ বাবে এক অতি গুৰুতৰ আঘাত বুলি অভিহিত কৰে। মন কৰিবলগীয়া যে কেইবছৰমানৰ পাছত মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ বিবাহ বিচ্ছেদ হয়। তেওঁ অকলে থাকিছিল। কিছু চিনাকি মানুহৰ লগত মিনাবজাৰ অঞ্চলৰ মেলা চাবলৈ গৈছিলো।

আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ বক্তব্য অনুসৰি গাঁৱৰ এজন পৰিচিত যুৱকৰ সৈতে মেলালৈ গৈছিল। উভতি অহাৰ পথত আৰু ৭ জন লোকে তেওঁলোকৰ লগত যোগ দিলে। তেওঁলোকে যুৱতীগৰাকীক ক’লে যে তেওঁলোক যুৱকজনৰ বন্ধু। তাৰ পাছত সুযোগ পাই তেওঁক ধৰ্ষণ কৰে। এক সূত্ৰই লগতে জনোৱা মতে, আৰক্ষীয়ে ৬ জন লোকক ধৰিছিল যদিও দুজন পলায়ন কৰে। আটাইকেইজনেই গাঁৱৰ নিবনুৱা যুৱক। বয়স ২০ৰ পৰা ২৫ বছৰৰ ভিতৰত।