NORTHEAST NOW (Assamese)
দেশ

পুৰণি পেঞ্চন নীতি সম্পৰ্কে আলোচনাত নৰেন্দ্ৰ মোদী : ভাল খবৰৰ আশাত চৰকাৰী কৰ্মচাৰী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 24, 2024 7:00 am

পুৰণি পেঞ্চন ব্যৱস্থা ঘূৰাই আনিব নেকি নৰেন্দ্ৰ মোডী চৰকাৰে? দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি ব্যৱস্থা পুনৰ ঘূৰাই আনিব লাগে বুলি দাবী জনাই আহিছে।

কংগ্ৰেছ শাসিত বহু ৰাজ্যই নিজৰ কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা ঘূৰাই আনিছে। লোকসভা নিৰ্বাচনত কংগ্ৰেছে ক্ষমতালৈ আহিলে সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পুৰণি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

চৰকাৰী সূত্ৰৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দলৰ নেতাসকলৰ বৈঠক আহ্বান কৰি পুৰণি পেঞ্চন ব্যৱস্থা ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰিছে।

সভাৰ আমন্ত্ৰণ পত্ৰত এই বিষয়ত হোৱা আলোচনাৰ কথা উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত ভাল খবৰ দিব বুলি আশা কৰিছে।

আশা পূৰণ হ’লে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ জয় হ’ব। উল্লেখ্য বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও ইয়াৰ ইংগিত প্ৰদান কৰিছিল।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বিত্ত সচিবৰ নেতৃত্বত থকা এখন কমিটীক পুৰণি পেঞ্চন ব্যৱস্থাৰ বিষয়টো চাবলৈ কয়। সেই সমিতিৰ ইতিবাচক প্ৰতিবেদন চৰকাৰক দাখিল কৰা হৈছে।