NORTHEAST NOW (Assamese)
দেশ

চৰকাৰী চিকিৎসালয়ত ধৰ্ষণৰ বলি নাবালিকা : প্ৰাক্তন কৰ্মচাৰীসহ ২জনক গ্ৰেপ্তাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 28, 2024 5:26 pm

আৰ জি কৰ কাণ্ডক লৈ কলিকতাৰ লগতে সমগ্ৰ দেশত এক উত্তেজনাময় পৰিৱেশ চলি থকাৰ মাজতে সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনা।

ইয়াৰ মাজতে ৰাজস্থানৰ যোধপুৰৰ চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এক লোমহৰ্ষক ধৰ্ষণকাণ্ড।

চিকিৎসালয়খনত দলৱদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী ১৫ বছৰীয়া কিশোৰী। এই ঘটনাত ইতিমধ্যে ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰে এজন চিকিৎসালয়খনৰ প্ৰাক্তন কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

যোৱা দেওবাৰে নিশা হাস্পাতালখনত সংঘটিত হয় এই দলবদ্ধ ধৰ্ষণৰ ঘটনা। মহাত্মা গান্ধী চিকিৎসালয়ৰ চৌহদত ঘূৰি ফুৰিছিল নাবালিকাগৰাকী। নাবালিকাগৰাকীক দেখি যুৱককেইজনে নাবালিকাগৰাকীৰ লগত কথাপাতি জাৱৰ নিষ্কাশন বিভাগলৈ লৈ যায় আৰু তাতেই নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পৰিয়ালৰ সৈতে হোৱা কাজিয়াৰ বাবে কাকো খবৰ নিদিয়াকৈয়ে নাবালিকাগৰাকী ঘৰৰ পৰা উলাই আহিছিল। তাৰপিছত পৰিয়ালৰ লোকে স্থানীয় সুৰসাগৰ থানাত এখন নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। একে সময়তে কোনোবাই তেওঁক প্ৰলোভিত কৰা বুলিও এজাহাৰ দাখিল কৰা হয়।

সোমবাৰে আৰক্ষীয়ে নাবালিকাগৰাকীক অস্বাভাৱিক অৱস্থাত চিকিৎসালয় চৌহদৰ পৰা উদ্ধাৰ কৰে। লগে লগে তেওঁক থানালৈ লৈ যোৱা হয়।

থানাত সোধ-পোচ কৰাৰ পিছত নাবালিকাগৰাকীক দুজন যুৱকে ধৰ্ষণ কৰা বুলি জানিব পাৰে আৰক্ষীয়ে। আৰক্ষীয়ে যুৱক দুজনৰ বিৰুদ্ধে POCSO আৰু ধৰ্ষণৰ গোচৰ ৰুজু কৰে।

কিশোৰীগৰাকীৰ চিকিৎসা পৰীক্ষা কৰি ঘটনাস্থলীৰ পৰা ফৰেনছিক বিশেষজ্ঞই নমুনা সংগ্ৰহ কৰে। চিকিৎসালয়খনৰ অধীক্ষকে জনোৱা মতে, দুয়োজনৰে এজনে পূৰ্বে তাত ঠিকাভিত্তিক কাম কৰিছিল।