NORTHEAST NOW (Assamese)
দেশ

ধৰ্ষণ কেনেকৈ ৰোধ কৰিব পাৰি? জনালে বলীউডৰ প্ৰবীণ অভিনেত্ৰী শ্বাবানা অজমীয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 29, 2024 4:52 pm

আৰ জি কৰ গোচৰক লৈ সমগ্ৰ দেশ এতিয়াও অস্থিৰ হৈ আছে। সমগ্ৰ দেশতে এতিয়াও চলি আছে এই ঘটনাৰ প্ৰতিবাদ। তাৰ মাজতেই চলি আছে ইটোৰ পিছত সিটোকৈ জঘন্য অপৰাধ।

ধৰ্ষণৰ দৰে অপৰাধৰ পৰা দেশখনক কেনেকৈ মুক্ত কৰিব পাৰি সেই সম্পৰ্কেও আলোচনা চলিছে বিভিন্ন মহলত। তাৰমাজত বলীউডৰ প্ৰবীণ অভিনেত্ৰীয়ে এই সম্পৰ্কে নিজৰ মত ব্যক্ত কৰিছে।

ইতিমধ্যে আৰ জি কৰ ধৰ্ষণ সম্পৰ্কে আয়ুষ্মান খুৰানা, আলিয়া ভাট, কৰীনা কাপুৰ আদি তাৰকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইবাৰ বলীউডৰ প্ৰবীণ অভিনেত্ৰী শ্বাবানা আজমীয়েও এই সম্পৰ্কে নিজৰ মত স্পষ্ট কৰাৰ লগতে ধৰ্ষণ ৰোধ কৰাৰ উপায় সম্পৰ্কে মন্তব্য কৰিছে।

ছ’চিয়েল মিডিয়াত সদায় সক্ৰিয় থাকে শ্বাবানা। অতি স্পষ্টবাদী গুণৰ বাবে প্ৰায়ে ৰক্ষণশীল লোকসকলৰ আক্ৰমণৰ বলি হ’বলগা হয় অভিনেত্ৰীগৰাকী।

শেহতীয়াকৈ পুনেত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বাবানাই কয়, ‘এনেধৰণৰ ঘটনা ভয়ংকৰ। সমাজত আজিও এনেকুৱা ঘটনা ঘটি আছে। ২০১২ চনত নিৰ্ভয়া গোচৰৰ পিছত ন্যায় বাৰ্মা কমিটীৰ ৰায়দানৰ পিছতো ধৰ্ষণ হৈয়ে আছে। এয়া অতি পৰিতাপৰ কথা।”

ধৰ্ষণৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই সন্দৰ্ভত শ্বাবানাই কয়, “প্ৰথমে আমি মহিলাক ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব। লগতে আমাৰ মজ্জাত যি পুৰুষতন্ত্ৰ আছে তাক উভালি পেলাব লাগিব।”