NORTHEAST NOW (Assamese)
দেশ

কন্যা হৈ জন্ম হোৱাই হ’ল কাল! জন্মৰ ৬ দিনৰ পিছত মাতৃৰ হাততে প্ৰাণ হেৰুৱালে নৱজাতকে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 31, 2024 6:15 pm

এতিয়াও যেন অৱসান ঘটা নাই পুৰুষতন্ত্ৰৰ। পৃথিৱীখন বহু দূৰ আগুৱাই গ’ল , তথাপিও যেন ভাৰতৰ দৰে দেশত শেষ হোৱা নাই লিংগ বৈষম্য। এইবাৰ পোহৰলৈ আহিছে সমগ্ৰ মাতৃ সমাজক লজ্জানত কৰা এক ঘটনা। জন্মৰ ৬ দিনৰ পিছত নিজ মাতৃয়ে হত্যা কৰিলে কৰিলে গৰ্ভজাত সন্তানক।

দিল্লীৰ খায়ালা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি মাতৃগৰাকীয়ে নিজৰ হাতেৰে ৬ দিনীয়া কন্যা সন্তানক হত্যা কৰে।

জানিব পৰা মতে, কন্যা সন্তান হোৱাৰ বাবে শিশুটিক হত্যা কৰে মাতৃয়ে। ইয়াৰ পূৰ্বেও তিনিটা কন্যা সন্তান জন্ম দিছিল মাতৃগৰাকীয়ে। চতুৰ্থবাৰৰ বাবে পুনৰ কন্যা সন্তানে জন্ম লাভ কৰাৰ হেতুকে সন্তানটিৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি লয় মাতৃয়ে।

নিজ সন্তানক হত্যা কৰা মাতৃগৰাকীৰ নাম শিৱানী। নিজ সন্তানক হত্যা কৰি অপহৰণৰ নাটক ৰচনা কৰিলে মাতৃ শিৱানীয়ে।

আৰক্ষী সূত্ৰ অনুসৰি, পুৱা প্ৰায় ৫:৩০ বজাত দিল্লীৰ খায়ালা থানালৈ এটা ফোন আহে। ফোনত আৰক্ষীক জনোৱা হয় যে এটি ৬ দিনীয়া কন্যা শিশু নিৰুদ্দেশ হৈছে। যিহেতু বিষয়টো স্পৰ্শকাতৰ, সেয়েহে আৰক্ষী বিষয়া-কৰ্মচাৰীসকলে লগে লগে সেই স্থানত উপস্থিত হয়।

আৰক্ষীয়ে সন্তানটিৰ মাতৃকো এই সন্দৰ্ভত সোধা-পোছা কৰে। মাতৃ শিৱানীয়ে আৰক্ষীক কয় যে আগ নিশা তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছিল, তাৰ পিছত তেওঁ পিতৃ-মাতৃৰ ঘৰলৈ আহিছিল। ৰাতিপুৱা ১.৩০ বজাত তেওঁ শিশুটিক গাখীৰ খুৱাই শুই যায়। কিন্তু ৰাতিপুৱা ৪:৩০ মান বজাত সাৰ পাই দেখে যে শিশুটি কাষত নাই।

সমগ্ৰ ঘটনা শুনাৰ পিছতে আৰক্ষীয়ে এটা দল গঠন কৰি চিচিটিভি আৰু ওচৰৰ সকলো ঘৰ-দুৱাৰ আৰু অঞ্চল পৰীক্ষা কৰে। আৰক্ষীৰ তালাচীৰ সময়ত শিৱানীয়ে কয় যে চিলাই কাটিবলৈ তেওঁ চিকিৎসালয়লৈ যাব লাগে। এই বক্তব্য আৰক্ষীয়ে অদ্ভুত বুলি বিবেচনা কৰিছিল যদিও তেওঁৰ চিকিৎসাৰ অৱস্থা বিবেচনা কৰি আৰক্ষীয়ে তেওঁক হাস্পাতাললৈ যাবলৈ দিয়ে।

ইপিনে তালাচীৰ সময়ত কাষৰ ঘৰৰ ছাদত এটা বেগ উদ্ধাৰ হয়। বেগটো খুলি আৰক্ষী স্তম্ভিত হৈ পৰে। বেগটোৰ ভিতৰত আছিল ৬ দিনীয়া এটা কেঁচুৱালগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

পুনৰ আৰক্ষীয়ে সোধ-পোচ কৰে মাতৃ শিৱানীক। জেৰাৰ অন্তত অৱশেষত শিৱানীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে। প্ৰাৰম্ভিক জেৰাত শিৱানীয়ে সকলো গোপন কথা উদঙাই দিয়ে।

শিৱানীয়ে আৰক্ষীৰ আগত কয় যে ইতিমধ্যে তেওঁ তিনিটা কন্যা সন্তান জন্ম দিছে। যাৰ বাবে তেওঁ পৰিয়াল আৰু সমাজৰ ককৰ্থনাৰ সন্মুখীন হৈ আহিছে। শিশুটিক স্তনপান কৰাই থাকোতে এই চিন্তাবোৰ মনলৈ আহি আছিল শিৱানীৰপুনৰ ককৰ্থিত হোৱাৰ সম্ভাৱনা দেখি শিৱানীয়ে ইমান ভয় খাইছিল যে ডিঙি চেপি শিশুটিক হত্যা কৰে। হত্যা কৰি এটা বেগত ভৰাই পেলাই দিয়ে। তাৰপিছত শিশুটিনিৰুদ্দেশৰ কাহিনী ৰচনা কৰে।

ইতিমধ্যে আৰক্ষীয়ে শিৱানীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে। লগতে এই ঘটনাৰ বাবে সচেতন সমাজে শিৱানীৰ লগতে সমগ্ৰ পুৰুষতান্ত্ৰিক সমাজক এই ঘটনাৰ বাবে জগৰীয়া কৰিছে।