NORTHEAST NOW (Assamese)
Popular Stories

১০ বছৰ পূৰ্বে ৫ কোটি টকাৰে নিৰ্মিত চৰকাৰী হাস্পতালত আজিকোপতি আৰম্ভ নহ’ল চিকিৎসা! নিঃপালি স্বাস্থ্য বিভাগৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 6, 2024 3:45 pm

বিহাৰৰ মুজাফ্ফৰপুৰৰ এখন চৰকাৰী চিকিৎসালয়। ২০১৫ চনত বিহাৰ চৰকাৰে কোটি কোটি টকা খৰচ কৰি এই অত্যাধুনিক চিকিৎসালয়খন নিৰ্মাণ কৰিছিল। কিন্তু চিকিৎসালয়খন খোলাৰ বাবে অপেক্ষা কৰি ১০ বছৰ পাৰ হৈ গ’ল। সেই চিকিৎসালয়ত এতিয়াও অৱশ্যে আৰম্ভ নহ’ল চিকিৎসা৷

চিকিৎসালয়খন উদ্বোধন হোৱা নাই, ইয়াৰ বিপৰীতে এতিয়া সেই চিকিৎসালয়ত অপৰাধী বাস কৰে। কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়খন অপতৃণেৰে ভৰি পৰিছে। চিকিৎসালয়ৰ ভিতৰতো নাই চিকিৎসা সঁজুলি, বিচনা নাই। খিৰিকী, দুৱাৰো চুৰি কৰা হৈছে।

পাঁচ কোটি টকা খৰচ কৰি চিকিৎসালয়খন নিৰ্মাণ কৰা হয়। ছয় একৰ মাটিত নিৰ্মাণ কৰা হৈছিল চিকিৎসালয়খন। কিন্তু যিহেতু ১০ বছৰৰ পাছতো উদ্বোধন নহ’ল, সেয়েহে স্থানীয় ৰাইজে চিকিৎসাৰ বাবে ৫০ কিলোমিটাৰ দূৰলৈ যাবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ সন্দৰ্ভত কোনো পদক্ষেপ প্ৰদৰ্শন নকৰাৰ অভিযোগ স্থানীয় ৰাইজে। ইফালে প্ৰশাসনিক বিষয়াসকলে দাবী কৰে যে তেওঁলোকে নাজানে যে সেই বিশেষ স্থানত ইমান আধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ যে আজিও প্ৰশাসনে এখন আধুনিক চিকিৎসালয় উদ্বোধন কৰা নাই। এই গাফিলতিৰ বাবেই এই চিকিৎসালয়খন এতিয়া অপৰাধীৰ আশ্ৰয়স্থল হৈ পৰিছে।