NORTHEAST NOW (Assamese)
উত্তৰ-পূব

উচ্চ ৰক্তচাপত ভুগি এইচ্ছ পি চি-ডিৰ মুৰব্বী আৰু য়ু পি এফৰ অধ্যক্ষ লালৰোপুই ফামহইটেৰ দেহাৱসান

Posted by: ছাংজুৱালা মাৰ May 22, 2018 4:43 pm
Lalropui Famhoite

উচ্চ ৰক্তচাপজনিত কাৰণত এইচ্ছ পি চি-ডিৰ মুৰব্বী আৰু য়ু পি এফৰ অধ্যক্ষ লালৰোপুই ফামহইটেৰ দেহাৱসান হৈছে বুলি জানিব পৰা গৈছে।সোমবাৰে ইম্ফলত নিশা প্ৰায় ১১-০০ মান  বজাত তেওঁৰ দেহাৱসান হয়।

অসম, মণিপুৰ আৰু উত্তৰ মিজোৰামত এইচ্ছ পি চি-ডিৰ সাংগঠিক ভেটি সুদৃঢ় কৰা ৰোপুইক সোমবাৰে আবেলি উচ্চ ৰক্তচাপে আক্ৰান্ত কৰিছিল আৰু তেওঁ তাৰ পাছত অজ্ঞান হৈ পৰে।ততালিকে তেওঁক চুৰাচান্দপুৰৰ পৰা পৰা ইম্ফলৰ ছাগলবান্দত থকা মাডাৰ’ছ কেয়াৰ হস্পিটাললৈ লৈ অহা হয় আৰু চিকিৎসালয় গৈ পোৱাৰ লগে লগে তেওঁক জৰুৰীকালীনভাৱে আই চি য়ুত ভৰ্তি কৰোৱা হয়।

এক বিশ্বস্ত সূত্ৰত প্ৰকাশ যে য়ুনাইটেড পিপ্‌ল’ছ ফ্ৰণ্টৰ বেনাৰত চুৰাচান্দপুৰৰ জনজাতি চৰমপমন্থী সংগঠনসমূহৰ নেতৃত্বত থকা মাৰ সম্প্ৰদায়ৰ এই চৰমপন্থী নেতাগৰাকীৰ মৃত্যু হয়। সোমবাৰে নিশাই নেতাগৰাকীৰ নিস্প্ৰাণ দেহ চুৰাচান্দপুৰৰ সমীপৱৰ্তী ছৈকত গাঁওলৈ লৈ অনা হয় আৰু আজি গীৰ্জাত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মিজোৰামৰ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানাই আজি প্ৰেৰণ কৰা এটা শোকবাৰ্তাত কয় যে লালৰোপুই আছিল নিজৰ কৰ্তৃত্বত এগৰাকী নেতা আৰু তেওঁৰ মৃত্যুৱে মাৰ আন্দোলনত এটা ডাঙৰ ক্ষতি কৰিলে।